
নগাঁও, ১৬ জুন (হি.স.): নগাঁও জিলাৰ চামগুৰিৰ দিলীকা বস্তিত বন্য হস্তীৰ উপদ্ৰৱক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। বন্য হস্তী খেদিবলৈ বন বিভাগৰ কৰ্মীসকল পলমকৈ উপস্থিত হোৱাৰ অভিযোগ উত্থাপন কৰি ক্ষোভ প্ৰকাশ কৰে স্থানীয় গঞা ৰাইজে ।
পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চামগুৰি আৰক্ষীৰ দল উপস্থিত হয় । যোৱা কালি বিয়লি পৰাই অঞ্চলটোত আতংকৰ সৃষ্টি কৰা বন্য হস্তীৰ জাক খেদিবলৈ বন কৰ্মীসকল উপস্থিত হোৱাৰ পিছতে উত্তেজনাৰ সৃষ্টি হয় । ক্ষুব্ধ ৰাইজে বন কৰ্মীসকলক ঘেৰাও কৰি সময়মতে ব্যৱস্থা গ্ৰহণ নকৰাৰ কাৰণ সম্পৰ্কে বিভিন্ন প্ৰশ্ন উত্থাপন কৰে আৰু জবাবদিহি দাবী কৰে ।
উল্লেখ্য যে ফুটগধূলিৰ সময়ত বন্য হস্তীৰ এজাকে অঞ্চলটোৰ তিনিটাকৈ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে বিস্তৰ ক্ষতিসাধন কৰে। ঘটনাৰ পিছৰে পৰা আতংকৰ মাজত দিন অতিবাহিত কৰিছে স্থানীয় বাসিন্দাসকলে । বন বিভাগক শীঘ্ৰে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰি বন্য হস্তীৰ উপদ্ৰৱৰ পৰা অঞ্চলবাসীক সকাহ দিয়াৰ দাবী জনাইছে ৰাইজে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ