
মাজুলী, ১৬ জুন (হি.স.): মাজুলীত এক অচিনাক্ত কীটৰ দংশনত অকাল মৃত্যুক সাৱটি ল’ব লগা হৈছে এজন কৃষকে । পথাৰত গৰুক পানী খুৱাবলৈ যোৱাৰ সময়তে যোৱা কালি সোমবাৰে বিয়লি সংঘটিত হয় এই কৰুণ ঘটনা ।
মাজুলীৰ কমলাবাৰী ফাৰ্ম তিনিআলিৰ এটা পৰিয়াললৈ নামি আহিছে গভীৰ শোকৰ ছাঁ। প্ৰবীণ পায়েং নামৰ ৪৮ বছৰীয়া এজন ব্যক্তিৰ অচিনাক্ত কীটৰ দংশনত কৰুণ মৃত্যু ঘটে। কালি বিয়লি সময়ত কাটিমৰা পথাৰত গৰুক পানী খুৱাবলৈ গৈছিল ব্যক্তিগৰাকী। সেই সময়তে এটা হোলা পাৰ হওঁতেই তেওঁক কিবা অচিনাক্ত কীটে দংশন কৰে।কীটৰ দংশনৰ পিছতে গুৰুতৰভাৱে অসুস্থ হৈ পৰা প্ৰবীণ পায়েঙক ততাতৈয়াকৈ গৰমূৰস্থিত পীতাম্বৰদেৱ গোস্বামী জিলা চিকিৎসালয়লৈ লৈ অনা হৈছিল। কিন্তু তেওঁৰ অৱস্থা সংকটজনক হোৱাৰ বাবে চিকিৎসকে তাৎক্ষণিকভাৱে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে।
দুৰ্ভাগ্যবশতঃ চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ নি থকা পথতে শেষ নিশ্বাস ত্যাগ কৰে দুৰ্ভগীয়া লোকজনে। লোকজনৰ এই আকস্মিক মৃত্যুত সমগ্ৰ কমলাবাৰী অঞ্চলতে তীব্ৰ শোকৰ ছাঁ পৰিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ