দক্ষিণ শালমাৰাৰ পাটাকাটা নতুন বজাৰত ভয়ংকৰ পথ দুৰ্ঘটনা
থিতাতে মৃত্যু এজন বাইক চালকৰ৷
দক্ষিণ শালমাৰাৰ পাটাকাটা নতুন বজাৰত ভয়ংকৰ পথ দুৰ্ঘটনা


দক্ষিণ শালমাৰা মানকাচৰ, ১৬ জুন (হি.স.): দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ দক্ষিণ শালমাৰা থানাৰ অন্তৰ্গত পাটাকাটা নতুন বজাৰৰ কাষত যোৱা কালি সোমবাৰে বিয়লি লোক নিৰ্মাণ পথত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা । এই ঘটনাত থিতাতে কৰুণ মৃত্যুক সাৱটি লয় এজন যুৱকে ৷ উক্ত ঘটনাই সমগ্ৰ অঞ্চলত শোকৰ ছাঁ পোলাইছে ।

প্ৰাপ্ত তথ্য অনুসৰি, নিহত যুৱকজনৰ নাম বাহাৰুল ইছলাম, পিতৃৰ নাম ইছমাইল হোছেইন বুলি জানিব পৰা গৈছে । জানিব পৰা মতে, আজি আবেলি পাটাকাটা নতুন বজাৰৰ সমিপত দুটা বাইকৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় । উক্ত দুৰ্ঘটনাত বাহাৰুল ইছলাম গুৰুতৰভাৱে আহত হয় আৰু থিতাতে তেওঁৰ মৃত্যু হয় । আনহাতে, আনখন বাইকত থকা তিনিজন যুৱক আছিল যদিও উক্ত দূৰ্ঘটনা সংগঠিত হোৱাৰ লগে লগে ঘটনাস্থলীতে বাইকখন এৰি থৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰা বুলি স্থানীয় সূত্ৰে জানিব দিয়ে।

দূৰ্ঘটনা সংঘটিত কৰা বাইক দুখনৰ নম্বৰ ক্ৰমে এএছ ১৮ কে ৪৬৮৮ আৰু এএছ ১৭ জি ৯৪০৯ দক্ষিণ শালমাৰা থানা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ থানালৈ আনে বুলি জানিব পৰা গৈছে ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande