দেৰগাঁৱত যানবাহন আৰক্ষীৰ অভিযান
দেৰগাঁৱত যানবাহন আৰক্ষীৰ অভিযান।
দেৰগাঁৱত যানবাহন আৰক্ষীৰ অভিযান


গোলাঘাট, ১৬ জুন (হি.স.): পুনৰ দেৰগাঁৱত যানবাহন আৰক্ষীৰ অভিযান চলে । কালি নিশা দেৰগাঁও মাজমজিয়াত যানবাহন আৰক্ষীক নিয়ম নমনা চালক সকলৰ বিৰুদ্ধে কঠোৰ হোৱা পৰিলক্ষিত হয় ।

হেলমেট, চিটবেল্ট আদি পৰিধান নকৰা তথা সুৰাপান কৰি বাহন চলোৱাৰ বিৰুদ্ধে চলায় এই অভিযান। অভিযান কালত যানবাহন আইন মানি নচলা চালক সকলক জৰিমনা বিহে দেৰগাঁও যানবাহন আৰক্ষীয়ে । লগতে বাহনৰ খিৰিকীৰ গ্লাছত ব্লেক পেপাৰ লগোৱাৰো বিৰুদ্ধে জৰিমনা বিহা দেখা যায় যানবাহন আৰক্ষীক।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande