বৰপেটাৰ বাঘবৰৰ ২ নং চাছৰাত মৰাপাট খেতিত উদ্ধাৰ কণমানিৰ মৃতদেহ
বৰপেটাৰ বাঘবৰৰ ২ নং চাছৰাত সংঘটিত হৈছে ভয়ংকৰ ঘটনা।
বৰপেটাৰ বাঘবৰৰ ২ নং চাছৰাত মৰাপাট খেতিত উদ্ধাৰ কণমানিৰ মৃতদেহ


বৰপেটা, ১৬ জুন (হি.স.) : বৰপেটাৰ বাঘবৰৰ ২ নং চাছৰাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা । মাৰিফা তামান্না (১০)নামৰ এটি কণমানিৰ মৃতদেহ যোৱা কালি সোমবাৰে বিয়লি মৰাপাট খেতিত উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোত।

উল্লেখ্য যে ঘৰৰ ওচৰত থকা স্কুলৰ পৰা আধা পাঠদান কৰি নিজ ঘৰলৈ উভতি অহাৰ পিছৰ পৰাই নিৰুদ্দেশ হৈছিল কণমানি জনী। কালি বিয়লি পৰা বিচাৰ খোচাৰ কৰা কণমানি জনীক সন্ধিয়া ভাগত মৰাপাট খেতিত মৃত অৱস্থাত উদ্ধাৰ কৰে । নিৰুদ্দেশ হোৱাত সকলোৱে কণমানি জনীক বিচাৰি মৰাপাট খেতিলৈ যায় । মৰাপাট খেতিত উলংগ অৱস্থাত উদ্ধাৰ হোৱা কণমানি জনীৰ দেহত আঘাত আৰু ৰক্তক্ষৰণ হোৱাৰ চিন দেখা গৈছে। ইতিমধ্যে ঘটনাস্থলীত বৰপেটা জিলা আৰক্ষীৰ উচ্চপদস্থ আৰক্ষী বিষয়াৰ বৃহৎ দলৰ লগতে স্থানীয় দণ্ডাধীশ উপস্থিত হৈ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande