
লখিমপুৰ, ১৬ জুন (হি.স.): প্ৰেয়সীৰ ঘৰত শাৰীৰিক আৰু মানসিক ভাৱে অপদস্থ হৈ মৃত্যুক সাৱটি ল'লে নাৰায়ণপুৰৰ জুটুলিবাৰীৰ দিপাংকৰ গগৈ নামৰ এজন ছাত্ৰই । যোৱা দুদিন ধৰি নিখোজ হৈ থকা ছাত্ৰ জনৰ মৃতদেহ কালি বিয়লি টিপলিং ৰে’ল ষ্টেচনৰ সমিপত উদ্ধাৰ হয়।
মৰোণোত্তৰ পৰীক্ষা কৰি আজি সন্ধিয়া ছাত্ৰ জনৰ মৃতদেহ নিজ গৃহলৈ অনাৰ পিছতে সৃষ্টি হয় এক শোকাকুল পৰিবেশ । জুটুলিবাৰীৰ সমীপৰ এখন গাঁৱৰ এগৰাকী যুৱতীৰ লগত যোৱা কেইবাবছৰ ধৰি প্ৰেমৰ সম্পৰ্ক আছিল ছাত্ৰ জনৰ । লখিমপুৰত আইটিআই শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰ জনক দুদিন পূৰ্বে প্ৰেমিকাৰ ঘৰলৈ মাতি নি প্ৰেমিকাৰ দেউতাকে ছাত্ৰ জনক অপদস্থ কৰাৰ লগতে শাৰীৰিক ভাৱে প্ৰহাৰ কৰাৰ অভিযোগ কৰিছে দিপাংকৰ গগৈৰ পৰিয়ালৰ লোকে। সেয়েহে পৰিয়ালৰ লোকে সমগ্ৰ ঘটনাটোৰ উচিত তদন্ত বিছৰাৰ লগতে দোষীৰ উচিত শাস্তিৰ দাবী তুলিছে সংবাদ মাধ্যমৰ জৰিয়তে । উল্লেখ্য় যে মৃত্যুৰ পূৰ্বে সামাজিক মাধ্যম যোগে বহু কথা ব্যক্ত কৰি যায় দিপাংকৰ গগৈয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ