
ডিব্ৰুগড়, ১৫ জুন (হি.স.): ডিব্ৰুগড় জিলাৰ চাবুৱাৰ ৰাজশ্ৰী হোটেলত যোৱা কালি সন্ধিয়া উত্তপ্ত পৰিবেশৰ সৃষ্টি হয় । ঘৰত খাবলৈ নিয়া মিঠাইত ওলাল ভেকুৰ । এইক্ষেত্ৰত অনতিপলমে সংশ্লিষ্ট কৰ্তৃপক্ষই ব্যৱস্থা নল’লে হোটেল খন বন্ধ কৰি দিয়াৰ ভাবুকি দিয়ে চাবুৱা সচেতন লোকসকলে ।
উল্লেখ্য যে হোটেল খনৰ পৰা এজন গ্ৰাহকে মিঠাই ক্ৰয় কৰি ঘৰত সকলোৱে খাবলৈ আৰম্ভ কৰে । কিন্তু হঠাৎ এজন লোক মিঠাই খোৱাৰ পিছতেই বমি কৰিবলৈ ধৰে। তাৰ পিছতেই মিঠাই খিনি ভালদৰে পৰ্য্যবেক্ষন কৰাত মিঠাইত ভেকুৰ লাগি থকা কথাটো ধৰা পৰে লগে লগেই তেওঁলোকে ভেকুৰ যুক্ত মিঠাই খিনি লৈ হোটেললৈ আহে আৰু হোটেল খনৰ বাকী মিঠাইবোৰতো ভেকুৰ প্ৰত্যক্ষ কৰে । ফলত এক উত্তপ্ত পৰিবেশৰ সৃষ্টি হয় পূৰ্বতেও এনে গুৰুতৰ অভিযোগ থকা এই ৰাজশ্ৰী হোটেলত কেনেদৰে এইদৰে গ্ৰাহকৰ জীৱনক লৈ হেতালি খেলা কাৰ্য্য অব্যাহত থাকিব পাৰিছে তাকে লৈ এতিয়া সংশ্লিষ্ট কৰ্তৃপক্ষলৈ সচেতন লোক সকলে সন্দেহৰ আঙুলি টোৱাইছে। আনহাতে বাৰম্বাৰ গ্ৰাহকৰ জীৱন-মৃত্যুক লৈ খেলা কৰা হোটেলখনৰ ওপৰত অনতি পলমে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে চাবুৱা সচেতন লোকে । অন্যথাই নিজাববীয়াকৈ হোটেল বন্ধ কৰি দিয়াৰ হুংকাৰ প্ৰদান কৰিছে স্থানীয় লোকসকলে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ