
স্থানীয় ৰাইজে দাবী মতে প্ৰাককলন অনুসৰি কাম নকৰি ঠিকাদাৰে অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি পথ নিৰ্মাণ সম্পন্ন
ওদালগুৰি, ১৫ জুন (হি.স.): ওদালগুৰি জিলা লোক নিৰ্মাণ বিভাগৰ টংলা সংমণ্ডলৰ অধীনত নিৰ্মাণ হৈ থকা পকিমুৰি-হৰিশিঙা পথত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে । স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি পথ নিৰ্মাণৰ সময়ত প্ৰয়োজনীয় পৰিমাণৰ শিল-বালি ব্যৱহাৰ কৰা হোৱা নাই । আনকি নিয়ম অনুসৰি ৰোলাৰ ব্যৱহাৰ নকৰাকৈ সামান্য ব্লেকটপিং কৰি কাম সম্পন্ন কৰাৰ চেষ্টা চলোৱা হৈছে।
ৰাইজে অভিযোগ কৰে যে নতুনকৈ নিৰ্মাণ কৰা পথৰ ওপৰৰ অংশ হাতেৰেই এৰাব পৰা অৱস্থা হৈছে, যাৰ ফলত পথটোৰ গুণগত মানক লৈ প্ৰশ্ন উত্থাপন হৈছে। এগৰাকী সহকাৰী অভিযন্তাৰ সহযোগত ঠিকাদাৰ গৰাকীয়ে নিম্ন মানৰ কাম কৰিবলৈ সাহস কৰা বুলি ৰাইজে অভিযোগ তুলিছে ।
আনহাতে, লোক নিৰ্মাণ বিভাগৰ একাংশ বিষয়া- সহকাৰী অভিযন্তাই ঠিকাদাৰৰ সৈতে মিলি নিম্নমানৰ কামত উৎসাহ যোগোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় বাসিন্দাসকলে। কোটি টকীয়া এই পথ নিৰ্মাণত সংঘটিত হোৱা দুৰ্নীতিক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে অঞ্চলবাসীয়ে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ