
শোণিতপুৰ, ১৫ জুন (হি.স.)। সপ্তাহটোৰ ভিতৰতে হত্যাকাৰীক দ্বিতীয়টো যাৱজ্জীৱন কাৰাদণ্ড জিলা আৰু সত্ৰ ন্যায়াধীশ কৌশিক হাজৰিকাৰ। সমান্তৰালভাৱে ধৰ্ষণকাৰীক চাৰি বছৰৰ কাৰাদণ্ড তেজপুৰৰ এইখন ছেছন আদালতৰ।
মিলন কৰ্মকাৰক শহুৰেকৰ হত্যাৰ গোচৰত যাৱজ্জীৱন কাৰাদণ্ড। জীতেন কুমাৰক ধৰ্ষণৰ গোচৰত চাৰি বছৰৰ কাৰাদণ্ড।
শোণিতপুৰ জিলা আৰু সত্ৰ ন্যায়াধীশ কৌশিক হাজৰিকাৰ আদালতে আজি দুটাকৈ গোচৰৰ গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰে৷
ঢেকীয়াজুলি আৰক্ষী থানাত পঞ্জীভুক্ত ১১৯/২০২৫ নং গোচৰৰ ভিত্তিত তেজপুৰ আদালতত বিচৰাধীন চেছন কেচ ১০১/২০২৫ নং গোচৰৰ ৰায়দান অনুসৰি মিলন কৰ্মকাৰক ২০ হেজাৰ টকাৰ জৰিমনা সহ যাৱজ্জীৱন কাৰাদণ্ড বিহে৷ ২০২৫ চনৰ ১৬ এপ্ৰিলৰ নিশা প্ৰায় ১১.৪৫ বজাত শহুৰেক বিষ্ণু তাঁতীক ইটাৰে মূৰত আঘাত কৰি হত্যা কৰিছিল৷ পৰৱৰ্তী সময়ত ভাৰতীয় ন্যায় সংহিতাৰ ১০৩(১) ধাৰামৰ্মে হত্যাকাৰীক কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল৷
আনহাতে, ৰঙাপৰা আৰক্ষী থানাত পঞ্জীভুক্ত ৩৭/২০২৫ নং গোচৰমৰ্মে জিলা আৰু সত্ৰ ন্যায়াধীশ কৌশিক হাজৰিকাৰ আদালতে ধৰ্ষণৰ গোচৰত অভিযুক্ত জীতেন কুমাৰক ৫ হেজাৰ টকাৰ জৰিমনাসহ ৪ বছৰ সশ্ৰম কাৰাদণ্ড বিহে৷ ২০২৫ চনৰ ১১ এপ্ৰিলত সন্ধিয়া প্ৰায় ৭ বজাত নিজ বৌৱেকক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছিল জীতেন কুমাৰৰ বিৰুদ্ধে৷ তেজপুৰ আদালতত অব্যাহত থকা চেছন কেচ ১০২/২০২৫ মৰ্মে আজি দোষী সাব্যস্ত কৰি ৪ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহে৷ জীতেন কুমাৰৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতা আইনৰ ৭৪নং ধাৰা অনুসৰি গোচৰ প্ৰক্ৰিয়া অব্যাহত আছিল৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা