
যোৰহাট, ১৫ জুন (হি.স.)। তিতাবৰৰ চৰাইপানী চাহ বাগিচাত অঘটন। বজ্ৰপাত পৰি নিহত এগৰাকী মহিলা চাহ শ্ৰমিক । নিহত মহিলা গৰাকীৰ নাম ৰুমা ওৰাং বুলি জানিব পৰা গৈছে।
চৰাইপানী গোহাঁইজান চাহ বাগিচাত কাম কৰি থকা অৱস্থাত মহিলা শ্ৰমিক গৰাকীৰ শৰীৰত বজ্ৰপাত পৰাৰ লগে লগে অচেতন হৈ পৰে মহিলা গৰাকী ।অচেতন অৱস্থাত বাগিচা কৰ্তৃপক্ষই মহিলা গৰাকীক ততাতৈয়াকৈ তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়লৈ আনে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু