বৰলুইট প্ৰডাকশ্বনৰ ‘ডিফলু’ৰ মুক্তিযাত্ৰাৰ শুভাৰম্ভ; জুবিন গাৰ্গ আৰু গায়ত্ৰী হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি
গুৱাহাটী, ১৫ জুন (হি.স.)। অসমৰ দুগৰাকী কিংবদন্তি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আৰু প্ৰয়াত গায়ত্ৰী হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি জনাই নিজৰ প্ৰথম অসমীয়া পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰ ‘ডিফলু’ৰ প্ৰচাৰ অভিযানৰ আনুষ্ঠানিক শুভাৰম্ভ কৰিলে বৰলুইট প্ৰডাকশ্বনে। চলচ্চিত্ৰখন
বৰলুইট প্ৰডাকশ্বনৰ ‘ডিফলু’ৰ মুক্তিযাত্ৰাৰ শুভাৰম্ভ; জুবিন গাৰ্গ আৰু গায়ত্ৰী হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি


গুৱাহাটী, ১৫ জুন (হি.স.)। অসমৰ দুগৰাকী কিংবদন্তি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আৰু প্ৰয়াত গায়ত্ৰী হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি জনাই নিজৰ প্ৰথম অসমীয়া পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰ ‘ডিফলু’ৰ প্ৰচাৰ অভিযানৰ আনুষ্ঠানিক শুভাৰম্ভ কৰিলে বৰলুইট প্ৰডাকশ্বনে। চলচ্চিত্ৰখনৰ জৰিয়তে আজিও জীৱন্ত হৈ থকা এই দুগৰাকী কিংবদন্তি শিল্পীৰ কণ্ঠক স্মৰণ কৰি আয়োজন কৰা এই আবেগঘন কাৰ্যসূচীয়ে ‘ডিফলু’ৰ মুক্তিযাত্ৰাৰ সূচনা কৰে।

উল্লেখ্য যে, চলিত বৰ্ষৰ ২১ আগষ্টত সমগ্ৰ ৰাজ্যৰ ছবিগৃহত মুক্তিলাভ কৰিব ‘ডিফলু’ ছবিখনে। এই ছবিখনৰ মুক্তিৰ পূৰ্বে আয়োজন কৰা এই বিশেষ অনুষ্ঠানটোৱেই চলচ্চিত্ৰখনক কেন্দ্ৰ কৰি অনুষ্ঠিত প্ৰথম ৰাজহুৱা কাৰ্যসূচী। চলচ্চিত্ৰ জগতৰ সদস্য, সংগীতপ্ৰেমী, সংবাদ মাধ্যমৰ প্ৰতিনিধি আৰু দুয়োগৰাকী মহীৰূহৰ অনুৰাগীয়ে অনুষ্ঠানটোত অংশগ্ৰহণ কৰে। অসমীয়া সংগীতলৈ তেওঁলোকৰ অনন্য অৱদানক সশ্ৰদ্ধ স্মৰণ কৰে আয়োজকসকলে। একে সময়তে, আজিও প্ৰজন্মৰ পিছত প্ৰজন্মক অনুপ্ৰাণিত কৰি থকা এই দুয়োগৰাকী শিল্পীৰ চিৰস্মৰণীয় সংগীত ঐতিহ্যক উদযাপন কৰে অনুষ্ঠানটোৱে।

অনুষ্ঠানটোৰ অন্যতম মূল আকৰ্ষণ আছিল ‘সৰগী সপোন’ শীৰ্ষক গীতটোৰ আনুষ্ঠানিক উন্মোচন। জুবিন গাৰ্গ আৰু গায়ত্ৰী হাজৰিকাৰ কণ্ঠৰে সজোৱা এই প্ৰেমমূলক দ্বৈত কণ্ঠৰ গীতটোৱে চলচ্চিত্ৰখনৰ সৈতে জড়িতসকলৰ লগতে শ্ৰোতা-দৰ্শকৰ বাবেও বিশেষ আৱেগিক তাৎপৰ্য বহন কৰে। মন কৰিবলগীয়া যে, অসমৰ সাংস্কৃতিক জগতত অমলিন ছাপ এৰি যোৱা এই দুগৰাকী শিল্পীৰ শেষ মুহূৰ্তৰ সৃষ্টিসমূহৰ ভিতৰত এই গীতটোও অন্যতম।

এই উপলক্ষে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি দি পৰিচালক নেকিবে কয় যে গতানুগতিক গীত উন্মোচনৰ সলনি শ্ৰদ্ধাঞ্জলিৰে চলচ্চিত্ৰখনৰ প্ৰচাৰ যাত্ৰা আৰম্ভ কৰাৰ সিদ্ধান্ত দলটোৱে সচেতনভাৱেই গ্ৰহণ কৰিছিল।

তেওঁ কয়, “জুবিন দাৰ দৰে এজন কিংবদন্তি শিল্পীৰ কণ্ঠ আমাৰ চলচ্চিত্ৰত অন্তৰ্ভুক্ত হোৱাটোৱেই আমাৰ বাবে এক আশীৰ্বাদ। ইয়াৰ সৈতে গায়ত্ৰী বাৰ সুমধুৰ কণ্ঠও ৰেকৰ্ড কৰাৰ সুযোগ পাইছোঁ। এই গীতটো আমাৰ বাবে কেৱল এটা বাণিজ্যিক গীত নহয়, এয়া হৈছে এক গভীৰ আৱেগিক অনুভূতিৰ বাহক। গীতটোৰ উপস্থিতিয়ে আমাৰ চলচ্চিত্ৰখনক এক ভিন্ন আৱেগিক মাত্ৰালৈ লৈ গৈছে। সেইবাবেই গতানুগতিক গীত উন্মোচনৰ পৰিৱৰ্তে জুবিন দা আৰু গায়ত্ৰী বাক শ্ৰদ্ধাঞ্জলি জনোৱাৰ মাজেৰে চলচ্চিত্ৰখনৰ মুক্তিযাত্ৰাৰ প্ৰথম পদক্ষেপ আগবঢ়োৱাৰ সিদ্ধান্ত লৈছিলোঁ।”

দুয়োগৰাকী শিল্পীৰ সৈতে কাম কৰাৰ অভিজ্ঞতাৰ কথা স্মৰণ কৰি নেকিবে কয় যে গীতসমূহৰ ৰেকৰ্ডিং পৰ্ব চলচ্চিত্ৰখনৰ সমগ্ৰ যাত্ৰাৰ আটাইতকৈ স্মৰণীয় আৰু আবেগঘন মুহূৰ্তসমূহৰ অন্যতম আছিল।

তেওঁ লগতে কয়, “জুবিন দা আৰু গায়ত্ৰী বাৰ সৈতে কাম কৰাৰ অভিজ্ঞতা আমাৰ বাবে সঁচাকৈয়ে অপূৰ্ব আছিল। জুবিন দাক গীত ৰেকৰ্ড কৰা প্ৰত্যক্ষ কৰাটো যেন এক যাদুকৰী অনুভৱ আছিল। তেওঁৰ সেই সৃষ্টিশীল মুহূৰ্তসমূহ উপভোগ কৰাটো কোনো আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ লাইভ কনচাৰ্ট চোৱাৰ সমানেই ৰোমাঞ্চকৰ আৰু মুগ্ধকৰ আছিল।

আনহাতে, গায়ত্ৰী বা আছিল একে সময়তে অতি প্ৰাণোচ্ছল, আন্তৰিক আৰু নিজৰ কামৰ প্ৰতি অত্যন্ত নিষ্ঠাবান। তেওঁলোক দুয়োগৰাকীৰ সৈতে কাম কৰি আমি অসীম আনন্দ আৰু তৃপ্তি লাভ কৰিছিলোঁ। আজি তেওঁলোকৰ অনুপস্থিতি আমি গভীৰভাৱে অনুভৱ কৰোঁ। তথাপিও তেওঁলোকৰ স্মৃতি, কণ্ঠ আৰু সৃষ্টিৰাজি চিৰদিনৰ বাবে আমাৰ হৃদয়ত সজীৱ হৈ থাকিব।”

ইফালে, চলচ্চিত্ৰ নিৰ্মাতাগৰাকীৰ মতে, ‘সৰগী সপোন’ গীতটোৱে ‘ডিফলু’ৰ কাহিনীত এক অত্যন্ত গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আছে। প্ৰেম, ৰোমাঞ্চ, হাস্যৰস, দায়িত্ববোধ আৰু সামাজিক সচেতনতাৰ দৰে বিভিন্ন অনুভূতি আৰু বিষয়বস্তুক এক সূত্ৰত গাঁথি ৰখা এক আৱেগিক সেঁতু হিচাপে গীতটোৱে চলচ্চিত্ৰখনত বিশেষ ভূমিকা পালন কৰিছে।

জুবিন গাৰ্গ আৰু গায়ত্ৰী হাজৰিকাৰ উপৰিও চলচ্চিত্ৰখনৰ আন আন গীতসমূহত কণ্ঠদান কৰিছে ৰূপালী কাশ্যপ, ৰাকেশ ৰিয়ান আৰু মন্টুমণি শইকীয়াই। গীতসমূহৰ কথা লিখিছে নেকিবে, আনহাতে সুৰ সংযোজন আৰু সংগীত পৰিচালনাৰ দায়িত্ব পালন কৰিছে জেকিবে। চলচ্চিত্ৰখনৰ এটা গীতৰ কথা গাৰ্গী ভট্টাচাৰ্যইও ৰচনা কৰিছে।

জুবিন গাৰ্গৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত অসমৰ জনপ্ৰিয় মিউজিক বেণ্ড ‘যন্ত্ৰ’ৰ সদস্যসকলেও অনুষ্ঠানটোত অংশগ্ৰহণ কৰি দুয়োগৰাকী প্ৰয়াত শিল্পীক শ্ৰদ্ধাঞ্জলি জনায়। অনুষ্ঠানটোত ‘যন্ত্ৰ’ৰ উপস্থিতিয়ে সমগ্ৰ পৰিৱেশত এক বিশেষ আৱেগিক মাত্ৰা যোগ কৰে।

এই অনুষ্ঠানত ‘যন্ত্ৰ’ৰ সম্পৃক্ততাৰ বিষয়ে নেকিবে কয়, “জুবিন দা হৈছে অসমৰ হৃদস্পন্দন, আৰু ‘যন্ত্ৰ’ই আজিও সেই হৃদস্পন্দন আৰু ঐতিহ্য আগুৱাই লৈ গৈ আছে। তেওঁলোকৰ উপস্থিতি অবিহনে এই উন্মোচনী অনুষ্ঠান সম্পূৰ্ণ হ'ব বুলি আমি অনুভৱ কৰা নাছিলোঁ। তেওঁলোকৰ অংশগ্ৰহণে আমাক জুবিন দাৰ সৈতে এক গভীৰ আৱেগিক সংযোগ অনুভৱ কৰাৰ সুযোগ দিয়ে। সেই সংযোগ অবিহনে আমাৰ চলচ্চিত্ৰখনৰ কথা আমি কল্পনাও কৰিব নোৱাৰোঁ।”

প্ৰণিধানযোগ্য যে, জেকিবৰ প্ৰযোজনা আৰু নেকিবৰ পৰিচালনাত নিৰ্মিত ‘ডিফলু’ৰ জৰিয়তে পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰ নিৰ্মাণত আনুষ্ঠানিকভাৱে পদাৰ্পণ কৰিছে বৰলুইট প্ৰডাকশ্বনে। ইয়াৰ পূৰ্বে ‘ৰং - দ্য কালাৰ’ আৰু ‘আকাশ বিচাৰি - ইনটু দ্য স্কাই’ৰ দৰে সমাদৃত চুটি ছবিৰ জৰিয়তে প্ৰতিষ্ঠানটোৱে বিশেষ স্বীকৃতি লাভ কৰিছিল। অসমীয়া গ্ৰাম্য জীৱনৰ বাস্তৱ পটভূমিত নিৰ্মিত ‘ডিফলু’ত হাস্যৰস, আৱেগ আৰু এক শক্তিশালী সামাজিক বাৰ্তাৰ সুন্দৰ সমন্বয় ঘটোৱাৰ লগতে অসমৰ সংস্কৃতি, পৰম্পৰা আৰু জীৱনবোধকো সজীৱভাৱে উদযাপন কৰা হৈছে।

চলচ্চিত্ৰখনত অভিনয় কৰিছে অমৃতা গগৈ, সুব্ৰত দেউৰী, অৰুণ নাথ, অৰুণ হাজৰিকা, পূৰ্ণদা হাজৰিকা, ৰাজীৱ দুৱৰী, জ্যোতিষ্মান বৰা, কণিকা নাথ, অনিৰ্বাণ কলিতা, অংকুৰ বৈদ্য, ডাঃ হিতেশ বৰুৱা, সীমাশ্ৰী বৰা, প্ৰিয়াংশী কাশ্যপ আৰু দিব্য জ্যোতি বৰাই। আনহাতে, জ্যেষ্ঠ অভিনেত্ৰী মৃদুলা বৰুৱাই চলচ্চিত্ৰখনত এক বিশেষ চৰিত্ৰত অভিনয় কৰিছে।

‘ডিফলু’ৱে মুক্তিৰ দিশে যাত্ৰা আৰম্ভ কৰাৰ এই ক্ষণত, স্মৰণ আৰু শ্ৰদ্ধাঞ্জলিৰ মাজেৰেই বৰলুইট প্ৰডাকশ্বনে অসমৰ সাংস্কৃতিক জীৱনত অমলিন ছাপ এৰি যোৱা আৰু আজিও ৰাজ্যজুৰি প্ৰতিধ্বনিত হৈ থকা দুই অসাধাৰণ কণ্ঠৰ শিল্পীক সন্মান জনায়। সেই দুগৰাকী শিল্পীৰ শেষ সময়ৰ গীতসমূহ এতিয়া ৰূপালী পৰ্দাৰ অংশ হিচাপে দৰ্শকৰ ওচৰলৈ আহিব। ইয়াৰ জৰিয়তে তেওঁলোকৰ কালজয়ী কণ্ঠ আৰু সংগীতৰ ঐতিহ্য নতুনকৈ অনুৰণিত হ’ব অসংখ্য হৃদয়ত।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande