ডিগবৈ ৰামনগৰ প্ৰাথমিক বিদ্যালয়ত দুগৰাকী ঢলি পৰিল দুগৰাকী ছাত্ৰী
তিনিচুকীয়া, ১৫ জুন (হি.স.)। আজি পুৱাৰ ভাগত ডিগবৈৰ ৰামনগৰ প্ৰাথমিক বিদ্যালয়ত প্ৰাতঃসভা চলি থকাৰ সময়ত চতুৰ্থ শ্ৰেণীৰ দুগৰাকী ছাত্ৰী হঠাতে অসুস্থ হৈ ঢলি পৰে। ছাত্ৰী দুগৰাকী হৈছে চিৰ্চলীয়া মুণ্ডা আৰু ৰিতিকা পাণিকা।ঘটনাৰ পিছতে বিদ্যালয় কৰ্তৃপক্ষই ততাতৈ
ডিগবৈ ৰামনগৰ প্ৰাথমিক বিদ্যালয়ত দুগৰাকী ঢলি পৰিল দুগৰাকী ছাত্ৰী


তিনিচুকীয়া, ১৫ জুন (হি.স.)। আজি পুৱাৰ ভাগত ডিগবৈৰ ৰামনগৰ প্ৰাথমিক বিদ্যালয়ত প্ৰাতঃসভা চলি থকাৰ সময়ত চতুৰ্থ শ্ৰেণীৰ দুগৰাকী ছাত্ৰী হঠাতে অসুস্থ হৈ ঢলি পৰে। ছাত্ৰী দুগৰাকী হৈছে চিৰ্চলীয়া মুণ্ডা আৰু ৰিতিকা পাণিকা।ঘটনাৰ পিছতে বিদ্যালয় কৰ্তৃপক্ষই ততাতৈয়াকৈ দুয়োগৰাকী ছাত্ৰীক ডিগবৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে। চিকিৎসকৰ পৰামৰ্শ অনুসৰি ৰিতিকা পাণিকা গৰমৰ প্ৰকোপত অসুস্থ হৈ পৰিছিল আৰু বৰ্তমান তেওঁ সুস্থ অৱস্থাত আছে।

আনহাতে, চিৰ্চলীয়া মুণ্ডা আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ পিতৃহীন ছাত্ৰী। চিকিৎসাৰ সময়ত তেওঁৰ ৰক্তহীনতা আৰু শাৰীৰিক অসুস্থতা ধৰা পৰে। তেজৰ পৰিমাণ অতি কম থকাৰ বাবে ডিগবৈ অসামৰিক চিকিৎসালয়ৰ পৰা উন্নত চিকিৎসাৰ বাবে তেওঁক ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে।কিন্তু আৰ্থিক অসুবিধাৰ বাবে চিৰ্চলীয়া মুণ্ডাৰ পৰিয়াল চিকিৎসাৰ ব্যয় বহন কৰাত সমস্যাৰ সন্মুখীন হৈছে। সেয়ে ৰামনগৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মিনাক্ষী বৰুৱাই সমাজৰ সুহৃদয় আৰু সদাশয় ব্যক্তিসকলক ছাত্ৰীগৰাকীৰ চিকিৎসাৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাইছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande