
শিৱসাগৰ, ১৫ জুন (হি.স.)। বাঘজানৰ দৰে ঘটনাৰ পৰা ৰক্ষা পৰিল শিৱসাগৰ শিলাকুটী ভকত গাঁও,অহৰহ ভয়ংকৰ ৰূপত নিৰ্গমন হৈছিল গেছ৷ঘটনাস্থলীত অ’এনজিচিৰ বিষয়া কৰ্মচাৰীৰ উপস্থিতিত গেছ নিয়ন্ত্ৰণ৷
অ’এনজিচিৰ গাফিলতি,অকৰ্মণ্যতাৰ বাবেই শিৱসাগৰ জিলাৰ শিলাকুটী ভকত গাঁৱৰ কৃষি পথাৰ অ’এনজিচিৰ গেছ পৰিবাহী পাইপ ফাটি অহৰহ নিৰ্গমন হয় বিষাক্ত গেছ৷অতি ভয়ংকৰ ৰূপত নিৰ্গমন হয় এই বিষাক্ত গেছ৷
বিগত ১৫দিনৰ পৰা এই গেছ নিৰ্গমন কম পৰিমাণে নিৰ্গত হৈ আছিল যদিও প্ৰায় তিনিদিন ধৰি এই গেছ নিৰ্গমনৰ চাপ বাঢ়ি যোৱাত আতংকিত হৈ পৰে শিলাকুটী ভকত গাঁৱৰ ৰাইজ৷কৃষিপথাৰত কৃষিৰ ভৰপক সময়তেই এনেধৰণৰ ঘটনাই চিন্তিত কৰি তোলে কৃষককো৷ভাবুকি আহিছিল জীৱকুললৈও৷
এই অ'এনজিচিৰ গেছ নিৰ্গমন হোৱা পাইপডাল সংযুক্ত আছিল লাকুৱাৰ পৰা ডিমুৱাল সংযোগী৷ইয়াৰ পূৰ্বেও অ’এনজিচিয়ে এই পাইপৰ মেৰামতি কৰিছিল যদিও পুৰণা পাইপ জোৰাটাপলি মাৰি দায়িত্ব সামৰাৰ বাবেই এনে ঘটনা পুনৰাবৃত্তি হয়৷
অৱশেষত আজি সংবাদমাধ্যমৰ বাতৰি প্ৰত্যক্ষ কৰি ঘটনাস্থলীত উপস্থিত হয় অ’এনজিচিৰ বিষয়া কৰ্মচাৰী৷তেওঁঁলোকৰ উপস্থিতিত অৱশেষত গেছ নিৰ্গমন নিয়ন্ত্ৰণলৈ আহে৷
কথমপি বাঘজানৰ দৰে ভয়ংকৰ ঘটনাৰ পৰা প্ৰাণ ৰক্ষা পৰে শিলাকুটী ভকত গাঁওবাসী৷
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু