
গুৱাহাটী, ১৫ জুন (হি.স.)। আজি অসম সচিবালয়ৰ অসম চৰকাৰৰ স্বাস্থ্য, পৰিয়াল কল্যাণ তথা চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ মন্ত্ৰী অশোক সিংহলে চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ অধীনস্থ বিভিন্ন প্ৰতিষ্ঠান, সংস্থা আৰু সঞ্চালকালয়সমূহৰ কাম-কাজৰ অগ্ৰগতি, চলি থকা প্ৰকল্পসমূহৰ ৰূপায়ণ আৰু ভৱিষ্যৎ কৰ্মপন্থা সন্দৰ্ভত আজি এক গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে। বৈঠকখনৰ সভাপতিত্ব কৰে বিভাগটোৰ মন্ত্ৰী অশোক সিংহলে। ।
বৈঠকৰ আৰম্ভণিতে শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়খনৰ শৈক্ষিক, পৰীক্ষা আৰু গৱেষণামূলক কাৰ্যকলাপৰ ওপৰত বিস্তৃত পৰ্যালোচনা কৰে। ইয়াৰ পিছতে চিকিৎসা শিক্ষা সঞ্চালকালয়ৰ অধীনৰ ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়সমূহত চলি থকা আন্তঃগাঁথনি উন্নয়ন, শিক্ষক-কৰ্মচাৰী নিয়োগ আৰু চিকিৎসা শিক্ষাৰ মানদণ্ড উন্নয়নৰ ক্ষেত্ৰত গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়ে আলোচনা কৰে।
অটল অমৃত অভিযান ছ’চাইটিৰ পৰ্যালোচনাৰ সময়ত স্বাস্থ্য বীমা আঁচনিৰ সুবিধা হিতাধিকাৰীৰ ওচৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। মন্ত্ৰীগৰাকীয়ে আঁচনিখনৰ ৰূপায়ণ অধিক গতিশীল আৰু স্বচ্ছ কৰাৰ বাবে প্ৰয়োজনীয় নিৰ্দেশ প্ৰদান কৰে । অসম স্বাস্থ্য আন্তঃগাঁথনি উন্নয়ন আৰু ব্যৱস্থাপনা সমিতিৰ অধীনত চলি থকা চিকিৎসালয় আৰু স্বাস্থ্য প্ৰতিষ্ঠানসমূহৰ নিৰ্মাণ আৰু উন্নয়নমূলক প্ৰকল্পসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰা হয়। সময়মতে কাম সম্পূৰ্ণ কৰাৰ লগতে গুণগত মান অক্ষুণ্ণ ৰখাৰ বাবে সংশ্লিষ্ট বিষয়াসকলক মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ প্ৰদান কৰে।
ইয়াৰ পিছতে অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ দ্বাৰা ৰাজ্যজুৰি কেন্সাৰ চিকিৎসা সেৱা সম্প্ৰসাৰণ আৰু ৰোগীসকলক উন্নত চিকিৎসা সুবিধা প্ৰদানৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে আলোচনা কৰে। একেদৰে অসম এডভান্সড হেল্থকেয়াৰ ইন’ভেচন ইনষ্টিটিউটয়ে স্বাস্থ্য খণ্ডত উদ্ভাৱনীমূলক গৱেষণা আৰু আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ সম্পৰ্কে নিজৰ প্ৰতিবেদনৰ সন্দৰ্ভত পৰ্যলোচনা কৰে। শেষত, আয়ুষ সঞ্চালকালয়ৰ অন্তৰ্গত আয়ুৰ্বেদিক মহাবিদ্যালয় আৰু চিকিৎসালয় আৰু শ্বহীদ যাদৱ নাথ হোমিঅ'পেঠিক চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ বিভিন্ন কাম-কাজৰ সন্দৰ্ভত পৰ্যালোচনা কৰা হয়।
বৈঠকত মন্ত্ৰীগৰাকীয়ে প্ৰতিটো সঞ্চালকালয় ,সংস্থাৰ কাম-কাজৰ বিস্তৃত পৰ্যালোচনা কৰি জনসাধাৰণক উন্নত স্বাস্থ্যসেৱা প্ৰদান, চিকিৎসা শিক্ষাৰ মান উন্নয়ন আৰু চলি থকা প্ৰকল্পসমূহ নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত সম্পূৰ্ণ কৰাৰ বাবে প্ৰয়োজনীয় নিৰ্দেশ প্ৰদান কৰে। লগতে বিভিন্ন বিভাগ আৰু সংস্থাৰ মাজত সমন্বয় বৃদ্ধি কৰি স্বাস্থ্য খণ্ডক অধিক শক্তিশালী কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।
উল্লেখ্য যে, আজিৰ এই বৈঠকত শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডাঃ অনুপ কুমাৰ বৰ্মন, চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত সচিব ডাঃ সিদ্ধাৰ্থ সিং, চিকিৎসা শিক্ষা সঞ্চালক ডাঃ মনোজ কুমাৰ চৌধুৰী , অটল অমৃত অভিযানৰ মুখ্য কাৰ্যবাহী বিষয়া কমলজিত তালুকদাৰ আদিকে ধৰি বিভাগীয় বিষয়াসকল, বিভিন্ন প্ৰতিষ্ঠানৰ মুৰব্বী সকল উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী