
দক্ষিণ শালমাৰা, ১৫ জুন (হি.স.)। দক্ষিণ শালমাৰাৰ পাটাকাটাত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা।
থিতাতে নিহত হয় এগৰাকী বাইক চালক ৷
দুখন বাইকৰ মাজত সংঘটিত মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনাটো ৷
দূৰ্ঘটনাটো সংঘটিত কৰি এগৰাকী বাইক চালক ঘটনাস্থলীৰ পৰা পলায়ণ কৰে ৷
ইপিনে আন গৰাকী বাইক চালক থিতাতে নিহত হয় ৷
সম্প্ৰতি ঘটনাস্থলীত দক্ষিণ শালমাৰা আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷
নিহত বাইক চালক গৰাকীক পাটাকাটা গাঁৱৰ ইছমাইল শ্বেখৰ পুত্ৰ বাহাৰুল ইছলাম (২২) বুলি জানিব পৰা গৈছে ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা