
কামৰূপ, ১৫ জুন (হি.স.)। নিশা ৰঙিয়াৰ কৰ্ত্তাখাটত ভয়ংকৰ পথ দুৰ্ঘটনা। থিতাতে নিহত এজন। গুৰুতৰ ভাৱে আহত এজনক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ। জানিব পৰা অনুসৰি নিশা অখুৰা গাৱঁৰ মকছেদ আলী নামৰ যুৱক জনে বন্ধুৰ সৈতে ৰঙিয়াৰ পৰা ঘৰ অভিমুখে বাইকেৰে গৈ থকা অৱস্থাত কৰ্ত্তাখাটৰ চ'কত কেন্দুকোনা দিশৰ পৰা অহা এখন অচিনাক্ত চাৰিচকীয়া বাহনে মহতিয়াই নিয়ে দুই বাইক আৰোহীক।
ফলত থিতাতে নিহত হয় ৰঙিয়াৰ সমীপৰ অখুৰা গাৱঁৰ ২৮বছৰীয়া যুৱক মকছেদ আলী। আনহাতে গুৰুতৰভাৱে আহত আনজনক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰে স্থানীয় ৰাইজে। ইতিমধ্যে মৃত যুৱক জনক নিশা ৰঙিয়া আৰক্ষী থানাৰ মৰ্গত ৰখা হৈছিল যদিও আজি মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা