অসমৰ বাঁহৰ সামগ্ৰীয়ে জি আই টেগ লাভ কৰাত বাহ শিল্পীসকলৰ মাজত আনন্দৰ বন্যা
গোলাঘাট, ১৫ জুন (হি.স.)। অসমবাসীৰ বাবে এক সুখবৰ। অসমৰ চাৰি বিধ ঐতিহ্যবাহী সামগ্ৰীয়ে লাভ কৰিলে জিআই (জি আই) টেগ। এই স্বীকৃতি লাভ কৰা সামগ্ৰীসমূহ হৈছে— বিহুৰ পেঁপা, কাৰ্বি আংলঙৰ হস্ততাঁত শিল্প, অসমৰ বাঁহ শিল্প আৰু দেউৰী সম্প্ৰদায়ৰ হস্ততাঁত শিল্প।

জিআই টেগ লাভৰ জৰিয়তে অসমৰ এই ঐতিহ্যবাহী শিল্প আৰু সংস্কৃতিয়ে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এক নতুন পৰিচয় লাভ কৰিলে।

বিশেষকৈ অসমৰ বাঁহৰ সামগ্ৰীয়ে এই সন্মান লাভ কৰাত শিল্পীসকলৰ মাজত আনন্দৰ বতৰা বিৰাজ কৰিছে।

গোলাঘাট জিলাৰ মৰঙি অঞ্চলৰ হাবিগাঁওৰ বুল বৰা পৰিয়ালেও এই খবৰত আনন্দ প্ৰকাশ কৰি চৰকাৰলৈ ধন্যবাদ জ্ঞাপন কৰিছে। পৰিয়ালটোৱে দীৰ্ঘদিন ধৰি বাঁহৰ বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰি বজাৰত বিক্ৰী কৰি জীৱিকা নিৰ্বাহ কৰি আহিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা

 rajesh pande