
ডিব্ৰুগড়, ১৫ জুন (হি.স.)। মহৰ শিঙৰ পেঁপা জি আই টেগ। পেঁপাটি পেঁপাটি ৰহেদৈ পেঁপাটি কালিদৈ মহৰে শিঙ, এনোৱা পেঁপাটি বজাই মই চেনাইটি ৰাখিমে অসমৰ চিন।
অসমৰ কৃষ্টি তথা অসমৰ লোকবাদ্যৰ বাবে আজি এটা উল্লেখনীয় দিন।
অসমৰ অন্যতম লোকবাদ্য মহৰ শিঙৰ পেঁপাই ভাৰত চৰকাৰৰ জি আই স্বীকৃতি লাভ কৰিছে।ইয়াৰ লগে লগেই এইবিধক লোকবাদ্যৰ এতিয়া এক সুকীয়া পৰিচয় হল। অসমৰ বিভিন্ন লোকবাদ্য সমূহৰ মাজত মহৰ শিঙৰ পেঁপাৰ সুললিত মাতে সকলোৰে আকৰ্ষিত কৰাই নহয় দেহ মন পুলকিত কৰি তুলে।পূৰ্বতে গাৱঁৰ চহা লোক সকলৰ মাজতেই এইবিধ বাদ্য সীমাবদ্ধ আছিল যদিও লাহে লাহে এইবিধ বাদ্যৰ জনপ্ৰিয়তা আৰু প্ৰসাৰ যথেষ্ট বৃদ্ধি হবলৈ ধৰিছে।যাৰবাবে অসমৰ বিহুৰ লগতে জড়িত এইবিধক লোকবাদ্যই এক সুকীয়া পৰিচয় লাভ কৰিছিল।যাৰফালত মহৰ শিঙ আৰু নল চুপহিৰ সাজি উলিওৱা এই লোকবাদ্যটিয়ে আজি ভাৰত চৰকাৰৰ দ্বাৰা জি আই স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে।এই লোকবাদ্যটিয়ে জি আই স্বীকৃতি পোৱাত উত্ফুল্লিত হৈছে লোকবাদ্য শিল্পী সকল।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা