অ'এন জি চিৰ গেছ পৰিবাহী পাইপ ফুটি অহৰহ গেছ নিৰ্গমণ
শিৱসাগৰ, ১৫ জুন (হি.স.)। শিৱসাগৰ জিলাৰ নাজিৰাত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। নাজিৰাৰ ধিতাইপুখুৰীৰ শিলাকুটি ভকতগাওঁত সংঘটিত হৈছে এই ঘটনা। ভকতগাওঁত অ''এন জি চিৰ গেছ পৰিবাহী পাইপ ফুটি অহৰহ নিৰ্গমণ হৈ আছে গেছ। এই ঘটনাৰ ফলত সমীপৰ বহু গাওঁলৈ এতিয়া এক আতংকম
অ'এন জি চিৰ গেছ পৰিবাহী পাইপ ফুটি অহৰহ গেছ নিৰ্গমণ


শিৱসাগৰ, ১৫ জুন (হি.স.)। শিৱসাগৰ জিলাৰ নাজিৰাত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। নাজিৰাৰ ধিতাইপুখুৰীৰ শিলাকুটি ভকতগাওঁত সংঘটিত হৈছে এই ঘটনা। ভকতগাওঁত অ'এন জি চিৰ গেছ পৰিবাহী পাইপ ফুটি অহৰহ নিৰ্গমণ হৈ আছে গেছ। এই ঘটনাৰ ফলত সমীপৰ বহু গাওঁলৈ এতিয়া এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে।

স্থানীয় ৰাইজে এতিয়া এক আতংকিত পৰিৱেশত দিন পাৰ কৰিবলগীয়া হৈছে। স্থানীয় লোকে অভিযোগ কৰে যে অ'এন জি চি য়ে পুৰণি পাইপ জোৰা-টাপলি মাৰি ৰখাৰ ফলতে এনেদৰে পাইপেৰে লিক হৈ গেছ নিৰ্গত হৈ আছে। অতি শীঘ্ৰে এই সন্দৰ্ভত ৰাইজৰ নিৰাপত্তা নিশ্চিত কৰাৰ বাবে অ'এন জি চিয়ে ব্যৱস্থা লব লাগে বুলিও স্থানীয় ৰাইজৰ দাবী।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande