
গোলাঘাট, ১৫ জুন (হি.স.)। অসমবাসীৰ লগতে বোকাখাতৰ চলচ্চিত্ৰ প্ৰেমীৰ বাবে এক সুখবৰ। বোকাখাতবাসীৰ এক দীৰ্ঘদিনীয়া অভাৱৰ আজি অন্ত পৰিব ক্ষন্তেক সময়ৰ পিছতেই। অসমীয়া চলচ্চিত্ৰ জগতৰ নেত্ৰকাই খ্যাত অৰুণ হাজৰিকাৰ উদ্যোগত দৰ্শকে সকলো ধৰণৰ সুবিধা পোৱাকৈ এখন আটকধুনীয়া চিনেমা হল নিৰ্মাণ কৰি উলিয়াইছে।
আজি ৪ বজাত এই নৱ-নিৰ্মিত ১৭৫ খন আৰামদায়ক আসন যুক্ত লগতে শীত-তাপ নিয়ন্ত্ৰিত ডিজিটেল চিনেমা হলটি শুভ উদ্বোধন কৰিবলৈ উপস্থিত হ'ব হিয়াৰ আমঠু জুবিন গাৰ্গৰ সহধৰ্মিনী গৰিমা গাৰ্গ। বোকাখাতৰ এক বহুদিনীয়া অভাৱ পূৰণ কৰিব পাই উৎফুল্লিত স্বত্বাধিকাৰী অৰুণ হাজৰিকা। আজি জনপ্ৰিয় চিনেমা ৰৈ ৰৈ বিনালে ৰ দ্বাৰা শুভ উদ্বোধন কৰাৰ লগতে অহাকালিৰ পৰা বৰ্তমান অসমীয়া চলচ্চিত্ৰ জগতত খলকনি তোলা সকলো দৰ্শকে আদৰি লোৱা চুপা-চুপি চিনেমাখন দৰ্শকে চাবলৈ পাব এই ৰাইন' চিনেমা হলত।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু