
লক্ষীমপুৰ, ১৫জুন (হি.স.)। বিধায়ক ঋষিৰাজ হাজৰিকাৰ
পথ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ ৷ পোন্ধৰ কোটি বয়ত্ৰিশ লাখ টকা ব্যয় সাপেক্ষে ৯.৩০ কিঃ মিঃ পথ পকীকৰণ
। হাৰমতী বাঁহবাৰীৰ পৰা বিহপুৰীয়া চিচাঁপথাৰ ডিক্ৰং নদীৰ বাও দিশৰ পথৰ উদ্বোধন কৰে বিধায়ক ঋষিৰাজ হাজৰিকাই
। লখিমপুৰ জিলাৰ অসম-অৰুণাচল সীমাৰ ৰঙানদী সমষ্টিৰ অন্তৰ্গত হাৰমতী গাওঁপঞ্চায়ত এলেকাৰ ডিক্ৰং নদীৰ উত্তৰ পাৰৰ মঠাউৰিটোৰ হাৰমতী বাঁহবাৰীৰ পৰা বিহপুৰীয়া চিচাঁ পথাৰলৈকে ব্লেক টেপিঙৰ আজি উদ্বোধন কৰে ৰঙানদী সমষ্টিৰ বিধায়ক ঋষিৰাজ হাজৰিকাই।
প্ৰায় ৯.৩০ কিঃ মিঃ দৈৰ্ঘ্যৰ এই পথচোৱা নিৰ্ম্মাণত ব্যয় হব পোন্ধৰ কোটি ৩২লাখ টকা। আজি বিয়লী প্ৰায় ৪.৩০ বজাত বিধায়ক জনে ফিটা কাটি উদ্বোধন কৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা