ফকিৰাগ্ৰাম পৌৰসভাৰ পৌৰপতিলৈ ফকিৰাগ্ৰাম মাৰ্চেন্ট এছোচিয়েচনৰ স্মাৰক পত্ৰ প্ৰদান
কোকৰাঝাৰ, ১৫ জুন (হি.স.)। কোকৰাঝাৰ জিলাৰ অন্তৰ্গত ফকিৰাগ্ৰাম চহৰৰ ব্যৱসায়ীসকলৰ বিভিন্ন সমস্যা আৰু জনস্বাৰ্থজড়িত বিষয়সমূহৰ সমাধানৰ দাবীত ফকিৰাগ্ৰাম মাৰ্চেন্ট এছোচিয়েচনে আজি ফকিৰাগ্ৰাম পৌৰসভাৰ পৌৰপতি সুলতান আলমক এখন স্মাৰক পত্ৰ প্ৰদান কৰে। এছোচি
ফকিৰাগ্ৰাম পৌৰসভাৰ পৌৰপতিলৈ ফকিৰাগ্ৰাম মাৰ্চেন্ট এছোচিয়েচনৰ স্মাৰক পত্ৰ প্ৰদান


কোকৰাঝাৰ, ১৫ জুন (হি.স.)। কোকৰাঝাৰ জিলাৰ অন্তৰ্গত ফকিৰাগ্ৰাম চহৰৰ ব্যৱসায়ীসকলৰ বিভিন্ন সমস্যা আৰু জনস্বাৰ্থজড়িত বিষয়সমূহৰ সমাধানৰ দাবীত ফকিৰাগ্ৰাম মাৰ্চেন্ট এছোচিয়েচনে আজি ফকিৰাগ্ৰাম পৌৰসভাৰ পৌৰপতি সুলতান আলমক এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

এছোচিয়েচনৰ সভাপতি সমদীপ ভদ্ৰ, সম্পাদক সন্তোষ সৰকাৰৰ লগতে সংগঠনটোৰ উপদেষ্টাসকল উপস্থিত থাকি স্মাৰক পত্ৰখন পৌৰপতিক আনুষ্ঠানিকভাৱে অৰ্পণ কৰে। স্মাৰক পত্ৰত ফকিৰাগ্ৰাম বজাৰৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা, আন্তঃগাঁথনি উন্নয়ন,ফকিৰাগ্ৰাম বজাৰত ৰাজহুৱা শৌচালয় আৰু চি চি টিভি ব্যৱস্থাপনা আৰু ব্যৱসায়ীসকলৰ সন্মুখীন হৈ থকা বিভিন্ন সমস্যাৰ শীঘ্ৰ সমাধানৰ দাবী উত্থাপন কৰা হয়।

স্মাৰক পত্ৰ গ্ৰহণ কৰি পৌৰপতি সুলতান আলমে বিষয়সমূহ গুৰুত্বসহকাৰে বিবেচনা কৰা হ'ব বুলি আশ্বাস দিয়ে। তেওঁ কয় যে, জনসাধাৰণ আৰু ব্যৱসায়ী সমাজৰ স্বাৰ্থ জড়িত দাবীসমূহ অগ্ৰাধিকাৰৰ ভিত্তিত পৰ্যালোচনা কৰি কম সময়ৰ ভিতৰতে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে পৌৰসভাই পদক্ষেপ ল'ব।

এই সাক্ষাৎকাৰ আৰু স্মাৰক পত্ৰ প্ৰদান কাৰ্যসূচীৰ জৰিয়তে ফকিৰাগ্ৰাম বজাৰৰ উন্নয়ন আৰু ব্যৱসায়ীসকলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত এক ইতিবাচক পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি উপস্থিত সদস্যসকলে মত প্ৰকাশ কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande