ক্ষেত্ৰীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কয়লাশিলত ভয়ংকৰ পথ দুৰ্ঘটনা
ক্ষেত্ৰীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কয়লাশিলত ভয়ংকৰ পথ দুৰ্ঘটনা
ক্ষেত্ৰীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কয়লাশিলত ভয়ংকৰ পথ দুৰ্ঘটনা

ক্ষেত্ৰীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কয়লাশিলত ভয়ংকৰ পথ দুৰ্ঘটনা

কামৰূপ, ১৫ জুন (হি.স.)। কামৰূপ জিলাৰ ক্ষেত্ৰীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কয়লাশিলত যোৱা কালি দেওবাৰে নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এই ঘটনাত থিতাতে নিহত হয় এজন লোক। নগাঁৱৰ পৰা গুৱাহাটী অভিমুখী এএছ ১৮ চি ৩১৫৭ নম্বৰৰ ট্ৰাক এখনে নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইদাৰত খুন্দিওৱাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনাটো।

দুৰ্ঘটনাত নিহত ট্ৰাকখনৰ এজন চালকৰ লগতে গুৰুতৰভাৱে আহত ট্ৰাকখনৰ আন এজন চালক। ঘটনাস্থলীত ক্ষেত্ৰী যান-বাহন আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো । অৱশ্যে বৰ্তমানলৈকে নিহত চালকজনৰ পৰিচয় উদ্ধাৰ কৰা হোৱা নাই।

---------------

হিন্দুস্থান সমাচাৰ / Narayan Kar

 rajesh pande