
কংগ্ৰেছৰ আমোলত জনজাতীয় লোকক গুৱাহাটীৰ পাচলি বজাৰৰ পৰা খেদি পদপথৰ ব্যৱসায় মিঞাৰ হাতত তুলি দিয়া হৈছিল: ৰঞ্জীৱ কুমাৰ শৰ্মা
গুৱাহাটী, ১৫ জুন (হি.স.)। ভাৰতীয় জনতা পার্টি, অসম প্রদেশে সংগঠন শক্তিশালী কৰাৰ লগতে কাৰ্যকৰ্তাসকলৰ দক্ষতা বৃদ্ধি কৰাৰ লক্ষ্যৰে ১৫ জুনৰ পৰা ৫ জুলাইলৈকে সমগ্ৰ ৰাজ্যজুৰি মণ্ডল পৰ্যায়ৰ প্ৰশিক্ষণ বৰ্গ আৰম্ভ কৰিছে। ৰাজ্যৰ ৩৫৩ টা মণ্ডল সামৰি আয়োজিত এই বিস্তৃত প্রশিক্ষণ কার্যসূচীত ৩ লাখতকৈও অধিক কার্যকর্তাই অংশগ্রহণ কৰি দলীয় মতাদৰ্শ আৰু কাৰ্যপদ্ধতিৰ বিষয়ে প্রশিক্ষণ গ্রহণ কৰিব।
এই প্রশিক্ষণ বৰ্গত দলৰ আদৰ্শগত অধিষ্ঠান, দলৰ ইতিহাস আৰু বিকাশ, সাংগঠনিক সম্প্ৰসাৰণৰ দৃষ্টিভংগী আৰু কাৰ্যসূচী, দলৰ কাৰ্যপদ্ধতি, বিজেপি চৰকাৰৰ সাফল্য আৰু ইয়াৰ ৰূপায়ণ, ছ'চিয়েল মিডিয়াৰ ব্যৱহাৰ, দলৰ সাংগঠনিক ব্যৱস্থাপনাৰ লগতে অন্যান্য কাৰ্যসূচীৰ বিষয়ে কাৰ্যকৰ্তাসকলৰ সৈতে প্রশিক্ষণত উপস্থিত থকা সমল ব্যক্তিসকলে মত-বিনিময় কৰিব। দলৰ মুখ্য কার্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত আয়োজিত এক সংবাদমেলত মুখপাত্র ৰঞ্জীৱ কুমাৰ শর্মাই এই কথা জানিবলৈ দিয়ে। উল্লেখযোগ্য যে ভাৰতীয় জনতা পার্টিয়ে পৰিকল্পিতভাবে দলীয় প্ৰশিক্ষণৰ ব্যৱস্থা কৰি আহিছে কাৰণে দলৰ সকলো কার্যকর্তা সকলো সময়তে সকলো ধৰণৰ ৰাজনৈতিক কাৰ্য ৰূপায়ণৰ কাৰণে তৎপৰ হৈ থাকে।
অসমৰ গাঁওসমূহৰ আৰ্থ-সামাজিক বিষয়সমূহো এই বর্গসমূহত আলোচনাৰ বিষয়বস্তু হিচাপে অন্তর্ভুক্ত কৰা হ'ব। উল্লেখযোগ্য যে এই প্রশিক্ষণ ব্যৱস্থাই দলীয় কাৰ্যকৰ্তাসকলৰ সাংগঠনিক দৃষ্টিভংগী অধিক শক্তিশালী কৰি তুলিব বুলি মত প্রকাশ কৰি শৰ্মাই লগতে কয় যে-মণ্ডল পৰ্যায়ৰ প্রশিক্ষণ সমাপ্ত হোৱাৰ পিছতে ৩৯ টা সাংগঠনিক জিলা, দলৰ ৮ টা সাংগঠনিক মৰ্চা আৰু ৰাজ্যৰ প্ৰতিটো বুথতে ব্যাপক প্রশিক্ষণ কার্যসূচী অনুষ্ঠিত কৰা হ'ব।
এই সামগ্রিক প্ৰক্ৰিয়াৰ জৰিয়তে দলৰ নৱাগত কার্যকর্তাসকলে প্রশিক্ষণ লাভ কৰি ৰাজনৈতিকভাৱে নিজকে সৱল কৰাৰ সুবিধা পাব। দলে নির্দিষ্ট সময়ৰ বিৰতিত আয়োজন কৰা এনে প্রশিক্ষণে দলীয় নীতি-আদর্শ, সাংগঠনিক কাঠামো, কার্যপদ্ধতি আৰু সমাজমুখী দৃষ্টিভংগীৰ বিষয়ে কাৰ্যকৰ্তাসকলৰ মাজত বিস্তৃত মত-বিনিময়ৰ এক পৰিৱেশ গঢ়ি তুলে।
গুৱাহাটী মহানগৰীৰ পদপথত ব্যৱসায় কৰা লোকসকলৰ বাবে চলিত বৰ্ষৰ ১৬ আগষ্টৰ পৰা এক বিস্তৃত জৰীপ অভিযান আৰম্ভ কৰা হ'ব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰা ঘোষণাক দলৰ অন্যতম মিডিয়া পেনেলিষ্ট প্রিয়ংকা তামুলীৰ উপস্থিতিত অনুষ্ঠিত হোৱা সংবাদমেলত ৰাজ্যিক মুখপাত্র শৰ্মাই আদৰণি জনায়। এই জৰীপৰ কাম আৰম্ভ হোৱাৰ লগে লগে গুৱাহাটীৰ পদপথত ব্যৱসায় কৰি থকা অচিনাকি লোকসকলক চিনাক্ত কৰাতো তেনেই সহজ হৈ পৰিব বুলি শৰ্মাই কয়। জৰীপ ব্যৱস্থাই মিঞা আৰু অচিনাকি মানুহৰ চিনাক্তকৰণ প্ৰক্ৰিয়াক নতুন মাত্ৰা প্ৰদান কৰিব বুলি ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ গৰাকীয়ে মতপোষণ কৰে। এই জৰীপৰ জৰিয়তে সন্দেহজনক বুলি প্রমাণিত হোৱা লোকসকলৰ বিৰুদ্ধে প্রচলিত আইনৰ অধীনত উপযুক্ত ব্যৱস্থা গ্রহণ কৰিব পৰা যাব বুলি সংবাদমেলত ৰাজ্যিক বিজেপিৰ মুখপাত্র শ্রীশৰ্মাই বর্ণনা কৰে।
উল্লেখযোগ্য যে তৰুণ গগৈ অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ আগলৈকে বেলতলা, গণেশগুৰি, হেঙেৰাবাৰী, কালাপাহাৰ, শিলপুখুৰী, বামুনীমৈদাম, নাৰেংগী, ফৰেষ্টগেট, পাথৰকোঁৱৰী, বিৰুবাৰী, কাহিলীপাৰা, জাপৰিগোগ, জালুকবাৰী, আদাবাৰী, মালিগাওঁ, গোটানগৰকে ধৰি গুৱাহাটীৰ বিভিন্ন স্থানৰ দৈনন্দিন বজাৰৰ লগতে পদপথৰ শাক-পাচলি বা অন্যান্য খুচুৰা ব্যৱসায়ত জনজাতীয় লোকসকলৰ প্ৰভূত্ব আছিল।
গুৱাহাটীৰ উপকণ্ঠ অঞ্চলৰ জনজাতীয় লোকসকলে নিজৰ বাৰীত হানিকাৰক কীটনাশক মুক্ত আৰু সজ পদ্ধতিৰে উৎপাদন কৰা শাক-পাচলিৰ বিক্ৰী এই বজাৰত কৰিছিল। কিন্তু তৰুণ গগৈৰ নেতৃত্বত দিশপুৰত কংগ্ৰেছ চৰকাৰ হোৱাৰ পিছত জনজাতীয় লোকসকলক পৰিকল্পিতভাৱে সেই বজাৰ সমূহৰ পৰা খেদি পঠোৱা হয়।
পৰৱৰ্তী সময়ত ৰিক্তস্থানত মিঞাৰ দোকান বহুৱাই দি তুষ্টিকৰণৰ ৰাজনীতিক কংগ্ৰেছ দলৰ চৰকাৰে ক্ষমতাৰ অপপ্রয়োগ কৰি মহানগৰীৰ সমাজ জীৱনতো সৱল কৰি তুলিছিল বুলি শর্মাই মতপোষণ কৰে। ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাৰ মতে বজাৰ দখল কৰাৰ পিছতেই মিঞা দোকানীয়ে হানিকাৰক কীটনাশক ব্যৱহাৰ কৰি উৎপাদন কৰা শাক-পাচলি বিক্ৰী কৰিবলৈ আৰম্ভ কৰি মহানগৰবাসীৰ স্বাস্থ্যলৈ ভয়াবহ সংকট নমাই আনিছে।
নাগৰিকৰ সুস্থ স্বাস্থ্য নিশ্চিত কৰাৰ বাবে মহানগৰীৰ শাক-পাচলিৰ বজাৰ হানিকাৰক কীটনাশক ব্যৱহাৰ কৰি উৎপাদন কৰা শাক-পাচলিৰ পৰা মুক্ত কৰাৰ প্ৰয়োজন আছে বুলি শর্মাই কয়। সেয়েহে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মহানগৰীৰ পদপথৰ জৰীপ অহা ১৬ আগষ্টৰ পৰা আৰম্ভ কৰা হ'ব বুলি কৰা ঘোষণাক ভাৰতীয় জনতা পার্টি, অসম প্রদেশে সম্পূর্ণ সমৰ্থন আৰু আদৰণি জনাইছে বুলি সংবাদমেলত ৰাজ্যিক বিজেপিৰ মুখপাত্রগৰাকীয়ে ব্যক্ত কৰে ।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী