
গুৱাহাটী, ১৫ জুন (হি.স.)।
ঐতিহাসিক বিয়াল্লিশৰ স্বাধীনতা সংগ্ৰামৰ শ্বহীদ কুশল কোঁৱৰৰ পুণ্য স্মৃতি দিৱস উপলক্ষে আজি কামৰূপ মহানগৰ জিলা প্ৰশাসনে দেশমাতৃৰ মহান শ্বহীদগৰাকীক সশ্ৰদ্ধাৰে সোঁৱৰণ কৰে । এই উপলক্ষে আজি কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত মহানগৰীৰ নেহৰু উদ্যানত আয়োজিত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ৰাজ্য চৰকাৰৰ বিত্ত, বন আৰু পৰিৱেশ ইত্যাদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই মুখ্য অতিথি হিচাপে উপস্থিত থাকি শ্বহীদ কুশল কোঁৱৰৰ প্ৰতিমূৰ্ত্তিত পুস্পাঞ্জলি অৰ্পন কৰে ।
ভাৰত মাতৃৰ সুযোগ্য সন্তান শ্বহীদ কুশল কোঁৱৰলৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় যে আজিৰ এই পৱিত্ৰ দিনটোৱে আমাক স্বজাতিৰ হকে আত্ম বলিদান দিয়াৰ কথা সোঁৱৰাই দিয়ে । শ্বহীদ গৰাকীয়ে দেশ সেৱাৰ হকে নিজকে হাঁহি মুখে আত্মবলিদান দিছিল । তেওঁৰ আত্মবলিদানে আমাক অতুলনীয় স্বদেশ প্ৰেমৰ প্ৰেৰণা দিয়ে । আজিৰ এই স্বাধীন ভাৰতত আত্ম মৰ্যাদাৰে জীয়াই থাকিব পৰাৰ মূলতে হ'ল স্বাধীনতা সংগ্ৰামীসকলৰ আত্মবলিদান । স্বাধীনতা সংগ্ৰামীসকলে কৰা ত্যাগ আৰু আত্মবলিদানে আমাক এখন স্বাধীন ভাৰত দিছে য'ত আমি বিশ্বৰ এখন আগশাৰীৰ ৰাষ্ট্ৰ হিচাবে নিজক প্ৰতিষ্ঠা কৰাৰ বাবে সুবৰ্ণ সুযোগ লাভ কৰিছো । কুশল কোঁৱৰৰ দৰে স্বাধীনতা সংগ্ৰামীসকলে ভাৰতবৰ্ষক যিধৰণে সজাব বিচাৰিছিল সেইধৰণে যাতে আমি নিজক আগবঢ়াই নিব পাৰো তাৰ বাবে সংকল্পবদ্ধ হ'ব লাগিব । শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আয়োজন কৰা সৰ্বধৰ্ম প্ৰাৰ্থনা সভাত কস্তুৰবা সেৱা আশ্ৰমৰ সেৱিকাসকলে গীতা আৰু উপনিষদ, হাছিফ মৌলানা মোস্তাফা নাজিমে কোৰাণ পাঠ, দ্বীপেন বড়োৱে বাইবেল পাঠ, ভগত সিঙে শিখ ধৰ্মীয় গ্ৰন্থ, ক্ষেমানন্দ ভিক্ষুয়ে ত্ৰিপিটক পাঠ কৰে ।
আজিৰ এই অনুষ্ঠানত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, জিলা আয়ুক্ত স্বপ্নীল পাল, গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ সচিব ড০ জীৱন কৃষ্ণ গোস্বামী, শ্বহীদ কুশল কোঁৱৰৰ বোৱাৰী যমুনা কোঁৱৰ, সৰ্বভাৰতীয় মুক্তি যুঁজাৰু সংস্থাৰ মহাসচিব জীতেন্দ্ৰ ৰঘুবংশী, ১০৩ বৰ্ষীয় মুক্তি যুঁজাৰু পূণেশ্বৰ দুৱৰা আৰু ৯৯ বৰ্ষীয় মুক্তি যুঁজাৰুদ্বয় ভোলানাথ নগৰীয়া আৰু গোলক হাজৰিকাৰ লগতে দ্বীজেন্দ্ৰ মোহন শৰ্মা তথা জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে ।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী