
তামুলপুৰ, ১৫ জুন (হি.স.)। গোৰেশ্বৰত বিদ্যুৎপৃষ্ট হৈ এজন লোকৰ মৃত্যু হোৱা ঘটনাক কেন্দ্ৰ কৰি বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ক্ষুব্ধ ৰাইজৰ উত্তাল প্ৰতিবাদ।
গোৰেশ্বৰৰ হাজলপাৰাত ক্ষুব্ধ লোকসকলে- বিদ্যুৎ বিভাগ হায় হায়,বিদ্যুৎ বিভাগ গ' বেক, বিদ্যুৎ বিভাগ মুৰ্দাবাদ আদি ধ্বনি দি পৰিবেশ উত্তাল কৰি তোলে।
ঘটনাস্থলী পৰিদৰ্শন কৰিবলৈ অহা বিদ্যুৎ বিভাগৰ ৰঙিয়া উপ সংমণ্ডল বিষয়া ( SDO) হিমাংশু প্ৰসাদৰ সন্মুখতে হাজলপাৰাৰ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি বিভাগীয় বিষয়া-কৰ্মচাৰীৰ গাফিলতিৰ বাবেই হাজলপাৰাৰ নন্দলাল বিশ্বাস নামৰ লোকজনৰ মৃত্যু হোৱা বুলি অভিযোগ কৰি জবাবদিহি কৰে।
তদুপৰি মৃতকৰ পৰিয়ালক ১০লাখ টকাৰ ক্ষতিপূৰণ, নন্দলাল বিশ্বাসৰ পুত্ৰক সংস্থাপন দিয়াৰ লিখিত প্ৰতিশ্ৰুতি দিবলৈ দাবী জনায়।
উপ সংমণ্ডল বিষয়া গৰাকীয়ে কালিৰ ঘটনাৰ বাবে লাইনমেন ভুমিধৰ ডেকাক তাৎক্ষণিকভাৱে বাইহাটা চাৰিআলিলৈ শাস্তিমূলক বদলি কৰা হৈছে বুলি উল্লেখ কৰাৰ লগতে সংস্থাপনৰ বিষয়টো ঊৰ্ধতন কতৃপক্ষৰ সৈতে আলোচনা কৰা হ'ব বুলি ৰাইজক প্ৰতিশ্ৰুতি দিয়াত পৰিস্থিতি সাম কাটে।
উল্লেখ্য যে নন্দলাল বিশ্বাস নামৰ লোকজনে কালি ঘৰৰ পৰা কিছু দূৰৈত থকা নিজৰ খেতি পথাৰত কাম কৰি পানী খাবলৈ পথলৈ উঠি আহোতে বিদ্যুত বিভাগৰ ওলমি থকা ১১হাজাৰ ভল্টৰ তাঁৰত লাগি ঠাইতে মৃত্যু মুখত পৰে।
একমাত্ৰ উপাৰ্জনকাৰী নন্দলাল বিশ্বাসৰ অকাল মৃত্যু হোৱাত পৰিয়ালটোত হাঁহাকাৰ লাগে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা