
ওদালগুৰি, ১৫ জুন (হি.স.)। নৱ-গঠিত গোৰেশ্বৰ বিধানসভা সমষ্টিত প্ৰথমটো আচনিৰ আধাৰশিলা স্থাপন । গোৰেশ্বৰৰ ৫ টাকৈ স্থানৰ নামঘৰ মন্দিৰত অসম দৰ্শন আঁচনিৰ অধিনত আধাৰশিলা স্থাপন। ৰঙাফিটা কাটি আঁচনিৰ শুভ উদ্বোধন কৰে গোৰেশ্বৰ সমষ্টিৰ বিধায়ক ভিক্টৰ কুমাৰ দাসে। অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাত নৱগঠিত গোৰেশ্বৰ সমষ্টিবাসী ৰাইজে প্ৰথমটো আঁচনি শুভাৰম্ভ হৈছে বুলি কয় তেওঁ৷
গোৰেশ্বৰ সমষ্টিত অসংখ্য় সমস বিভিন্ন সমস্যা সমাধানৰ হকে কাম কৰিব বুলিও মন্তব্য কৰে৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ