
গোলাঘাট, ১৫ জুন (হি.স.)। আজি ৪২-ৰ ঐতিহাসিক গণ আন্দোলনৰ শ্বহিদ কুশল কোঁৱৰৰ ৮৩ সংখ্যক মৃত্যু দিৱস।
সৰুপথাৰত সৰুপথাৰ সমজিলা প্ৰশাসনৰ উদ্যোগত অমৰ শ্বহিদ কুশল কোঁৱৰৰ স্মৃতি দিৱস উদযাপন।
১৯৪২ চনৰ ১০ আগষ্ট তাৰিখে সৰুপথাৰৰ শুকান নলা নামৰ ঠাইত ব্ৰিটিছ সৈন্য কঢ়িয়াই অনা এখন ৰেল বগৰাই দিছিল অহিংস পন্থাত বিশ্বাসী স্বাধীনতা সংগ্রামীয়ে।
ব্ৰিটিছ প্ৰশাসনে উক্ত ঘটনাৰ মূল ষড়যন্ত্ৰকাৰী বুলি মিছা অভিযোগত অভিযুক্ত কৰিছিল কুশল কোঁৱৰক।
১৯৪৩ চনৰ আজিৰ দিনটোতেই ব্ৰিটিছ আদালতে একপক্ষীয় ভাৱে বিচাৰ চলাই যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত ফাঁচি দিয়ে এইগৰাকী মহান দেশ প্ৰেমিকক।
আজি সৰুপথাৰ সমজিলাৰ আয়ুক্ত মিতালী লহকৰৰ লগতে প্ৰশাসনৰ বিষয়ববীয়া সকল শ্বহিদ গৰাকীৰ গন্ধকৰৈ স্থিত বাসগৃহত উপস্থিত হৈ শ্বহিদ গৰাকীক স্মৰণ কৰি পৰিয়ালৰ সৈতে মত বিনিময় কৰাৰ লগতে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন, সাংসদ কামাখ্যা প্ৰসাদ তাচাই সৰুপথাৰ নগৰত থকা কুশল কোঁৱৰৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
অন্যহাতে পূৰ্বে কৈ অহাৰ দৰেই সৰুপথাৰৰ নিৰ্মিয়মান ৰেল ষ্টেচনৰ নাম কুশল কোঁৱৰ নামেৰে নামকৰণ হব লাগে বুলি দাবী জনাই শ্বহীদ পৰিয়ালে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা