
গুৱাহাটী, ১৫ জুন(হি.স.)। অসমৰ চাৰিবিধ থলুৱা পৰম্পৰা সামগ্ৰীলৈ জিআই টেগ প্ৰদান কৰা হৈছে । অসমৰ থলুৱা বয়ন শিল্পলৈ আৰু বাঁহ শিল্পলৈ এইদৰে জিআই টেগ স্বীকৃতি প্ৰদান কৰা হৈছে । জি আই টেগৰ স্বীকৃতি প্ৰদান কৰা হৈছে কাৰ্বি আংলং জিলাৰ হস্ততাত সামগ্ৰীৰ ওপৰত। লগতে জিআই টেগৰ স্বীকৃতি প্ৰদান কৰা হৈছে অসমৰ জাতীয় উৎসৱ বিহুত বাদ্যযন্ত্ৰ হিতাপে ব্যৱহৃত হোৱা বাহৰ সামগ্ৰী পেঁপাক।
অসমৰ দেউৰী জনগোষ্ঠী লোকসকলে ব্যৱহাৰ কৰা দেউৰী হস্ততাত সামগ্ৰীকো জি আই টেগৰ স্বীকৃতি প্ৰদান কৰা হৈছে। নাৱাৰ্ডৰ সহযোগত অসমে লাভ কৰিছে জি আই টেগৰ স্বীকৃতি । ইয়াৰ ফলত সামগ্ৰী সমূহৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত মুল্যবৃদ্ধি পাব । পৰম্পৰাগত সামগ্ৰী সুৰক্ষিত কৰিবলৈ এইদৰে পদক্ষেপ গ্ৰহণ কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ