
নলবাৰী, ১৫জুন (হি.স.)। বিহুৰ পেপাই জি আই টেগ লাভ কৰাত উৎফুল্লিত অসমৰ পেপা প্ৰস্ততকৰা শিল্পী সকল। ৰাজ্যলৈ পুৱাই আহিল ভাল খবৰ । বিহুৰ পেপাই লাভ কৰিলে জি আই টেগ । ইয়াৰ পিছতে উৎফুল্লিত হৈ পৰিল পেপা প্ৰস্ততকৰা শিল্পী সকল । অবতৰতো বিভিন্ন ঠাইত শুনা গল পেপাৰ শব্দ । টিহুৰ হাৰিভাঙ্গাৰ লোকবাদ্য শিল্পী উপেন ডেকাই আনন্দতে নিজৰ কাম বাদ দি পুৱাৰে পৰা বজাই আছে নিজ হাতে বনোৱা পেপা ।
উল্লেখ্য যে প্ৰতি বছৰে উপেন ডেকাই নিজ হাতে বনাই আহিছে মহৰ শিঙৰ পেঁপা, গগণা, বাঁহৰ টোকা আদি। পেছাত মটৰ মেকানিক উপেন ডেকাই সাজি আহিছে এইসমূহ সামগ্ৰী। তেওঁ সাজি তোলা লোকবাদ্য সমূহ উজনি নামনি অসমৰ বিভিন্ন প্ৰান্তৰ গ্ৰাহকে ক্ৰয় কৰি আহিছে। নামনি অসমৰ জনপ্ৰিয় বিহু হুচৰি দল ভাস্কৰজ্যোতি বিহু হুচৰি দলৰ সদস্য উপেন ডেকাই নিজৰ গেৰেজতে বিহুৰ প্ৰাকক্ষণত এইসমূহ সামগ্ৰী নিৰ্মাণ কৰি আহিছে । সোমবাৰে পেপাই জি আই টেগ লাভ কৰা খবৰ পোৱাৰ পিছতে আনন্দিত হৈ পৰে উপেন ডেকা ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা