
ধুবুৰী, ১৫ জুন (হি.স.): ধুবুৰী জিলাৰ গৌৰীপুৰত খাদ্য় নিগমৰ অতিৰিক্ত বোজাই (অভাৰলোড) কৰা চৰকাৰী চাউল ভৰ্তি ট্ৰাকৰ দৌৰাত্ম্য অব্য়াহত আছে ৷ পৰিমাণতকৈ দুগুণ বোজাই কঢ়িওৱা এই ট্ৰাকৰ বাবে গৌৰীপুৰত ভয়ংকৰ দূৰ্ঘটনা হোৱাৰ আশংকা কৰা হৈছে ।
মালবাহী ৰে’লৰ পৰা ট্ৰাকত বোজাই কৰি ধুবুৰীত গন্তব্য় স্থানলৈ যাত্ৰা কৰা চাউল ভৰ্তি ট্ৰাকসমূহৰ বাবে শংকাৰ পৰিৱেশ সৃষ্টি হৈছে ৷ এফচিআইৰ ট্ৰাকৰ দৌৰাত্ম্য লৈ সচেতন ৰাইজসকল উদ্বিগ্ন হৈ পৰিছে। এখন ট্ৰাকত ১৪০ বস্তুা বিপৰীতে ৩২০ বস্তুা লৈ সৰবৰাহ কৰা এনে ট্ৰাকৰ দৌৰাত্ম্যত ভয়ংকৰ বিপদ হোৱাৰ আশংকা কৰিছে সচেতন ৰাইজে ৷ এইক্ষেত্ৰত ধুবুৰী জিলা পৰিবহণৰ তৰফৰ পৰাও কোনো ধৰণৰ গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই। ধুবুৰী জিলা পৰিবহণ বিষয়াৰ লগতে দ্বায়িত্ব থকা বিভাগৰ কৰ্মচাৰীৰ গোপন বুজাবুজি কৰাৰ অভিযোগ তুলিছে সচেতন ৰাইজে ৷ ক্ষমতাতকৈ অধিক ওজন কঢ়িওৱাৰ অনুমতি প্ৰদান কৰা সংশ্লিষ্ট পক্ষৰ বিৰুদ্ধে ব্য়ৱস্থা গ্ৰহণ কৰিবলৈ ধুবুৰী জিলাৰ জিলা প্ৰশাসনক দাবী জনাইছে সচেতন লোকসকলে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ