
গুৱাহাটী, ১৫ জুন (হি.স.)। উত্তৰ-পূব সীমান্ত ৰে'লৱেই পুনৰবাৰ ৰেল যাত্ৰীসকলৰ তত্বাৱধানৰ প্ৰতি তাৰ সমৰ্পিত মনোভাৱৰ প্ৰদৰ্শেনেৰ ১৪ জুন ২০২৬ তাৰিখে ৰেল নং. ১৫৯১০ (লালগড়–ডিব্ৰুগড়) অৱধ অসম এক্সপ্ৰেছ ৰেলখনত যাত্ৰা কৰা এগৰাকী গৰ্ভৱতী যাত্ৰীৰ প্ৰসৱ বেদনা আৰম্ভ হোৱাত সময়মতে চিকিৎসা সহায়তা নিশ্চিত কৰি তোলে। ৰে'লখন ৰঙিয়া ষ্টেচনৰ ওচৰ চাপি অহাৰ লগে লগেই যাত্ৰীগৰাকীৰ হঠাতে প্ৰসৱ বেদনা আৰম্ভ হয়। খবৰ পোৱাৰ লগে লগে ৰে'লৱে কৰ্মচাৰীসকলে তৎক্ষণাৎ ব্যৱস্থা গ্ৰহণ কৰি অলপো পলম নকৰাকৈ তাৎক্ষণিক চিকিৎসা সাহাৰ্য আগবঢ়োৱাৰ বাবে সমন্বিত প্ৰচেষ্টা আৰম্ভ কৰে।
কৰ্তব্যৰত ৰে'লৱে কৰ্মচাৰীসকলৰ সজাগতা আৰু তাৎক্ষণিক পদক্ষেপ গ্ৰহণেৰে ৰঙিয়াৰ নিয়ন্ত্ৰণ কক্ষ, বাণিজ্যিক আৰু চিকিৎসা বিভাগে আগতীয়াকৈ সাহাৰ্য ব্যৱস্থা সক্ৰিয় কৰি তোলে। ৰঙিয়া মণ্ডলৰ মাণ্ডলিক চিকিৎসা বিষয়া ডাঃ শৰৎ চন্দ্ৰৰ নেতৃত্বত এটা চিকিৎসকৰ দল ৰে'লখন আহি পোৱাৰ আগতেই ৰঙিয়া ৰে'ল ষ্টেচনত গৈ উপস্থিত হয়। ইয়াৰ মাজতে, কোচ এটেণ্ডেণ্ট আৰু যোৰহাট খ্ৰীষ্টিয়ান মিছন হাস্পতালৰ নাৰ্ছ কৃষ্ণমা গোল্ডস্মিথ বেজবৰুৱাৰ সহায়ত, ঘটনাক্ৰমে যিগৰাকীয়ে সেই ৰে'লখনতেই যাত্ৰা কৰিছিল, তেওঁলোকৰ সহযোগত শিশুটিৰ সুৰক্ষিত জন্ম ৰে'লখনৰ ভিতৰতে সম্পন্ন হয়।
ৰে'লখন ৰঙিয়া ষ্টেচনত উপস্থিত হোৱাৰ লগে লগে ৰে'লৱেৰ চিকিৎসক দলে মাতৃ আৰু নবজাতকক প্ৰাথমিক চিকিৎসা প্ৰদান কৰি পৰৱৰ্তী চিকিৎসাৰ বাবে ৰঙিয়া ৰে'লৱে হাস্পতাললৈ স্থানান্তৰ কৰে। শিশুটিৰ যথাসময়ৰ পূৰ্বেই জন্ম হোৱাৰ বাবে, বিশেষ চিকিৎসা আৰু অধিক যত্নৰ উদ্দেশ্যে মাতৃ আৰু শিশুটিক পৰৱৰ্তী সময়ত ৰে'লৱেৰ এম্বুলেন্সযোগে গুৱাহাটীস্থিত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল (জিএমচিএইচ)-লৈ প্ৰেৰণ কৰা হয়।
বৰ্তমানে মাতৃ আৰু শিশু উভয়ে সুস্থ অৱস্থাত আছে। এই ঘটনাই উত্তৰ-পূব সীমান্ত ৰেলৱেৰ কৰ্মচাৰীসকলৰ সমৰ্পন, সমন্বয় আৰু মানৱীয় দৃষ্টিভংগীৰ এক উজ্জ্বল উদাহৰণকে দাঙি ধৰিছে, যিসকলে আকস্মিক জৰুৰী পৰিস্থিতিতো যাত্ৰীসকলৰ কল্যাণ নিশ্চিত কৰাৰ ক্ষেত্ৰত সদায় সমৰ্পিত হৈ থাকে। সময়মতে সাহাৰ্য প্ৰদানৰ বাবে উত্তৰ-পূব সীমান্ত ৰেলৱে কৃষ্ণমা গোল্ডস্মিথ বেজবৰুৱাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে মাতৃ আৰু নবজাতক শিশুটিলৈ শুভেচ্ছা জনাইছে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী