ডিব্ৰুগড় মহানগৰৰ পল্টন বজাৰত আজি ডিব্ৰুগড় পৌৰণিগমে চলাই উচ্ছেদ অভিযান
ডিব্ৰুগড়, ১৫ জুন (হি.স.)। ডিব্ৰুগড় মহানগৰৰ পল্টন বজাৰত আজি ডিব্ৰুগড় পৌৰণিগমে চলাই উচ্ছেদ অভিযান। ব্ৰহ্মপুত্ৰ নৈৰ পাৰত জলসম্পদ বিভাগৰ ভূমিত দীৰ্ঘদিন ধৰি অবৈধভাৱে বসবাস কৰি অহা প্ৰায় শতাধিক পৰিয়ালৰ বিৰুদ্ধে এই অভিযান চলোৱা হয়। জানিব পৰা মতে, পূৰ্বে
ডিব্ৰুগড় মহানগৰৰ পল্টন বজাৰত আজি ডিব্ৰুগড় পৌৰণিগমে চলাই উচ্ছেদ অভিযান


ডিব্ৰুগড়, ১৫ জুন (হি.স.)। ডিব্ৰুগড় মহানগৰৰ পল্টন বজাৰত আজি ডিব্ৰুগড় পৌৰণিগমে চলাই উচ্ছেদ অভিযান। ব্ৰহ্মপুত্ৰ নৈৰ পাৰত জলসম্পদ বিভাগৰ ভূমিত দীৰ্ঘদিন ধৰি অবৈধভাৱে বসবাস কৰি অহা প্ৰায় শতাধিক পৰিয়ালৰ বিৰুদ্ধে এই অভিযান চলোৱা হয়।

জানিব পৰা মতে, পূৰ্বে ডিব্ৰুগড় পৌৰণিগমে বাসিন্দাসকলক স্থান খালী কৰিবলৈ জাননী জাৰি কৰিছিল। কিন্তু জাননীৰ পাছতো বহু পৰিয়ালে উক্ত স্থানত বসবাস কৰি আহিছিল। আজি পৌৰণিগম, আৰক্ষী আৰু সংশ্লিষ্ট বিভাগৰ উপস্থিতিত উচ্ছেদ অভিযান আৰম্ভ কৰা হয়। অভিযানত বহু ঘৰ-বাৰী আৰু অস্থায়ী নিৰ্মাণ ভাঙি পেলোৱা হয়। ঘটনাস্থলীত ব্যাপক উত্তেজনাৰ সৃষ্টি হ’লেও পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিবলৈ মোতায়েন কৰা হৈছে আৰক্ষী বাহিনী। উচ্ছেদ অভিযান এতিয়াও অব্যাহত আছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande