
গুৱাহাটী, ১৫ জুন (হি.স.)। হাতীগাঁও শেৱালি পথৰ এটা বাসগৃহত আজি এটা মৃতদেহ উদ্ধাৰৰ ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। শেৱালি পথৰ সূৰুয উপপথৰ ৩ নং ঘৰত উদ্ধাৰ হৈছে এজন যুৱকৰ মৃতদেহ। মৃতদেহটো বিশ্বজিৎ বুঢ়াগোহাঁই নামৰ এজন যুৱকৰ বুলি জানিব পৰা গৈছে।
বিশ্বজিৎ বুঢ়াগোহাঁইৰ ঘৰ শিৱসাগৰ জিলাৰ শিমলুগুৰিত। এই বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ পৰা ভাৰাঘৰটোত থাকিছিল ব্যক্তিজন ।
সচিবালয়ৰ এজন এচিএছ বিষয়াৰ সহায়ক হিচাপে কৰ্মৰত আছিল বিশ্বজিৎ বুঢ়াগোহাঁই। এই ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত হাতীগাঁও আৰক্ষী, ফৰেনচিকৰ দল উপস্থিত হৈ প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিছে। মৃতদেহটো পৰীক্ষা কৰি দুদিন পূৰ্বে বিশ্বজিৎ বুঢ়াগোহাঁইৰ মৃত্যু হোৱা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে। বিচনাত পৰি থকা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰিছে মৃতদেহটো।
প্ৰাথমিক তদন্তত আৰক্ষীয়ে স্বাভাৱিক মৃত্যু বুলি সন্দেহ কৰিছে যদিও আৰক্ষীৰ তদন্ততহে এই মৃত্যুৰ প্ৰকৃত ৰহস্য উদঘাটন হ’ব। আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী