অহা ১ জুলাইৰ পৰা ধুবুৰীত বৃদ্ধি পাব বাছ ভাড়া
ধুবুৰী, ১৫ জুন (হি.স.)। অহা ১ জুলাইৰ পৰা ধুবুৰীত বৃদ্ধি পাব বাছ ভাড়া । পেট্ৰল-ডিজেল আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ সমান্তৰলভাৱে বৃ্দ্ধি পাব বাছ ভাড়া । ধুবুৰী বাছ আস্থানৰ বাছ কৰ্মীসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা পৰিলক্ষিত হৈছে। সদৌ অস
অহা ১ জুলাইৰ পৰা ধুবুৰীত বৃদ্ধি পাব বাছ ভাড়া


ধুবুৰী, ১৫ জুন (হি.স.)। অহা ১ জুলাইৰ পৰা ধুবুৰীত বৃদ্ধি পাব বাছ ভাড়া । পেট্ৰল-ডিজেল আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ সমান্তৰলভাৱে বৃ্দ্ধি পাব বাছ ভাড়া ।

ধুবুৰী বাছ আস্থানৰ বাছ কৰ্মীসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা পৰিলক্ষিত হৈছে। সদৌ অসম মটৰ পৰিবহন সন্থাৰ লগত নামনি অসমৰ সকলো বাছ মালিক সন্থাৰ আলোচনা মৰ্মে অহা ১ জুলাই তাৰিখৰ পৰা ৭০% বাছ ভাড়া বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা পৰিলক্ষিত হৈছে।

লগতে সকলো যাত্ৰী উঠা নমাৰ ক্ষেত্ৰত নিম্নতম ২০ টকা কৈ বৃদ্ধি কৰা হব বুলিও জানিবলৈ দিয়ে বাছ কৰ্মচাৰী সকলে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande