
নলবাৰী, ১৫ জুন (হি.স.)। বাঁহ শিল্পই জি আই টেগ লাভ কৰাত উৎফুল্লিত ৰাজ্যৰ বাঁহ শিল্পী সকল । ৰাজ্যলৈ পুৱাই আহিল ভাল খবৰ । অসমৰ বাঁহ শিল্পই লাভ কৰিলে জি আই টেগ । ইয়াৰ পিছতে উৎফুল্লিত হৈ পৰিল ৰাজ্যৰ বাঁহ বেতৰ শিল্পী সকল । নলবাৰীৰ জিলাৰ কৈঠালকুছিৰ বাঁহ বেতৰ শিল্পী দিলীপ হালৈৰ পৰিয়ালতো আনন্দময় পৰিবেশ ।
উল্লেখ্য যে কৈঠালকুছিৰ জোৱাৰ্দ্দীৰ বাঁহ বেতৰ শিল্পী দিলীপ হালৈয়ে সুদীৰ্ঘ ২০ বছৰ ধৰি বাঁহ শিল্পৰ সৈতে জড়িত হৈ বাঁহৰ বিভিন্ন সামগ্ৰী তৈয়াৰ কৰি আহিছে । উক্ত সামগ্ৰীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বহি:ৰাজ্যৰো বজাৰ দখল কৰিবলৈ সক্ষম হৈছে । ৰাষ্ট্ৰীয় আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰদৰ্শনীতো দিলীপ হালৈৰ বাঁহৰ সামগ্ৰীয়ে সমাদৰ লাভ কৰিছে । এই কৰ্মৰ দ্বাৰাই দিলীপ হালৈয়ে নিজৰ পৰিয়াল পোহপাল দিয়াৰ লগতে আন চাৰিজনকো সংস্থাপন দিছে । সোমবাৰে অসমৰ বাহ শিল্পই জি আই টেগ লাভ কৰা খবৰ পোৱাৰ পিছতে আনন্দিত হৈ পৰে দিলীপ হালৈৰ পৰিয়াল ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা