
গুৱাহাটী, ১৫ জুন (হি.স.)। অহা ১, ২, আৰু ৩ জুলাইত অনুষ্ঠিত হ’বলগীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ সফল পৰিচালন সুনিশ্চিত কৰিবলৈ গঠন কৰা কমিটীৰ এখন বৈঠক অনুষ্ঠিত হয়। অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অজন্তা নেওগে এই বৈঠকত অংশগ্ৰহণ কৰে।
ছ’চিয়েল মিডিয়া পোষ্টৰ জৰিয়তে অৱগত কৰি মন্ত্ৰী অজন্তা নেওগে কয় যে বৈঠকত প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ সৈতে জড়িত বিভিন্ন ব্যৱস্থা আৰু প্ৰস্তুতিৰ পৰ্যালোচনা কৰা হয়। পৰ্যটন বিভাগ, গুৱাহাটী পৌৰ নিগম, আৰু আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ বিষয়াসকলো উপস্থিত থাকে।
বৈঠকত সংশ্লিষ্ট বিভাগসমূহৰ সৈতে বিশদ আলোচনা কৰা হয় আৰু প্ৰধানমন্ত্ৰীৰ তিনিদিনীয়া অসম ভ্ৰমণৰ সময়ত প্ৰস্তাৱিত সকলো কাৰ্যসূচী সুচাৰুৰূপে আৰু সফলভাৱে পৰিচালিত হোৱাটো নিশ্চিত কৰাত গুৰুত্ব আৰোপ কৰা হয়। লগতে সময়মতে প্ৰয়োজনীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়া হয়।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ