বড়ো আন্দোলনৰ ২০৪ গৰাকি শ্বহীদ পৰিয়ালক ৫ লাখ টকাৰ চেক বিতৰণ
ওদালগুৰি, ১৫ জুন (হি.স.)। বড়ো আন্দোলনত শ্বহীদ হোৱা ২০৪ গৰাকী শ্বহীদ পৰিয়ালক আজি আনুষ্ঠানিক ভাৱে বিটিচি প্ৰশাসনৰ তৰফৰ পৰা ৫ লাখ টকাৰ চেক বিতৰণ কৰে । ওদালগুৰিৰ বিষ্ণু ৰাভা কৃষ্টি সংঘৰ প্ৰক্ষাগৃহত অনুষ্ঠিত হৈছে চেক বিতৰণ কাৰ্যসূচী। পাচ হাজাৰৰো অধিক
বড়ো আন্দোলনৰ ২০৪ গৰাকি শ্বহীদ পৰিয়ালক ৫ লাখ টকাৰ চেক বিতৰণ


ওদালগুৰি, ১৫ জুন (হি.স.)। বড়ো আন্দোলনত শ্বহীদ হোৱা ২০৪ গৰাকী শ্বহীদ পৰিয়ালক আজি আনুষ্ঠানিক ভাৱে বিটিচি প্ৰশাসনৰ তৰফৰ পৰা ৫ লাখ টকাৰ চেক বিতৰণ কৰে । ওদালগুৰিৰ বিষ্ণু ৰাভা কৃষ্টি সংঘৰ প্ৰক্ষাগৃহত অনুষ্ঠিত হৈছে চেক বিতৰণ কাৰ্যসূচী। পাচ হাজাৰৰো অধিক শ্বহীদ পৰিয়ালক চেক প্ৰদান কৰা হব বুলি বিটিচি প্ৰশাসনৰ তৰফৰ পৰা জানিব দিয়া হৈছে।

ক্ৰমান্বয়ে বাকি থকা শ্বহীদ পৰিয়ালক দিয়া হব চেক । উপস্থিত থাকে ডেপুটি চীফ ৰিহন দৈমাৰী, কাৰ্যবাহী সদস্য় ফ্ৰেশ মুচাহাৰি, অধ্যক্ষ তৃদিপ দৈমাৰী, বিটিচি প্ৰশাসনৰ সচিব ভাস্কৰ জ্যোতি মানতা ৰ লগতে এমচিএলএ সকল।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande