উত্তৰ গুৱাহাটীত ভাৰাতীয়াই লুট কৰা বৃহৎ পৰিমাণৰ আ-অলংকাৰ, নগদ ধন উদ্ধাৰ সুদুৰ বাংগালুৰুত
কামৰূপ, ১৫ জুন (হি.স.)। ঘৰত কোনো নথকাৰ সুযোগ লৈ ভাৰাতীয়াই লুট কৰা বৃহৎ পৰিমাণৰ আ-অলংকাৰ, নগদ ধন উদ্ধাৰ হৈছে সুদুৰ বাংগালুৰুত । উত্তৰ গুৱাহাটী আৰক্ষী চকীৰ এক সফল অভিযানত বাংগালুৰুত আটক তামুলপুৰৰ দুধৰ্ষ অপৰাধী । অপৰাধীৰ পৰা উদ্ধাৰ চুৰি সোণৰ অলং
উত্তৰ গুৱাহাটীত ভাৰাতীয়াই লুট কৰা বৃহৎ পৰিমাণৰ আ-অলংকাৰ, নগদ ধন উদ্ধাৰ সুদুৰ বাংগালুৰুত


কামৰূপ, ১৫ জুন (হি.স.)। ঘৰত কোনো নথকাৰ সুযোগ লৈ ভাৰাতীয়াই লুট কৰা বৃহৎ পৰিমাণৰ আ-অলংকাৰ, নগদ ধন উদ্ধাৰ হৈছে সুদুৰ বাংগালুৰুত ।

উত্তৰ গুৱাহাটী আৰক্ষী চকীৰ এক সফল অভিযানত বাংগালুৰুত আটক তামুলপুৰৰ দুধৰ্ষ অপৰাধী ।

অপৰাধীৰ পৰা উদ্ধাৰ চুৰি সোণৰ অলংকাৰ,নগদ ধন আৰু মোবাইল ফোন ।

উত্তৰ গুৱাহাটী নুমলী জলাহৰ আজ্ঞাঠুৰী ষ্টেচনৰ সমীপত চুমি বেগমৰ ঘৰত ভাৰাতীয়া হিচাপে আছিল প্ৰফুল্ল আৰ্য্য (৩০) আৰু পত্নী জবা আৰ্য্য ।

তিনি বছৰ ভাৰা ঘৰত থাকি দুই পতি পত্নীয়ে গৃহস্থৰ সৈতে গঢ়ি তুলিছিল আত্মীয়তা ।

তামুলপুৰৰ দুই দম্পতিয়ে ঘৰত কোনো নথকাৰ সুযোগ লৈ আলমিৰাৰ তলা ভাঙি নগদ ৮০ হাজাৰ টকা আৰু ১৫ লাখ টকাৰ সোনৰ আ অলংকাৰ লুট কৰিছিল ।

উক্ত ভয়ানক ঘটনা সংঘটিত কৰি দুই অপৰাধীয়ে পলায়ন কৰিছিল বেংগালুৰুলৈ।

ঘটনা সন্দৰ্ভত চুমি বেগমে দিয়া এজাহাৰৰ ভিত্তিত ম'বাইল ল'কেছনৰ সহায়ত বেংগালুৰুৰ বিদাথি আৰক্ষী থানা এলেকাত আত্মগোপন কৰা অৱস্থাত প্ৰফুল্ল আৰ্য্যক আটক কৰে উত্তৰ গুৱাহাটী আৰক্ষীয়ে ।

প্ৰফুল্ল আৰ্যই দিয়া ভাষ্য অনুসৰি চুৰি আ– অলংকাৰ খিনি ৰঙিয়াৰ এটা ফাইনেঞ্চ কোম্পেনীক মৰ্টগেজ দি গোল্ড লোন লয় প্ৰফুল্লই ।

আৰক্ষীয়ে প্ৰফুল্ল আৰ্য্যৰ পৰা নগদ ২০ হাজাৰ টকা আৰু দুটা ম'বাইল ফোন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande