
বৰপেটা, ১৫ জুন (হি.স.)। চিপিআই(এম)য়ে পেট্ৰল, ডিজেল, ৰন্ধন গেছৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে সোমবাৰে বৰপেটাত প্ৰতিবাদ সাব্যস্ত কৰে। লগতে সাধাৰণ ৰাইজক ধাৰাবাহিক মূল্যবৃদ্ধিৰ ফলত ভয়াৱহভাৱে প্ৰভাৱিত হৈছে বুলি অভিযোগ উত্থাপন কৰে । বিক্ষোভৰ অংশ হিচাপে দলীয় কৰ্মী সকলে বৰপেটা চহৰৰ ৰাজপথত মটৰ চাইকেল ঠেলি, প্ৰতীকীভাৱে ইন্ধনৰ ব্যয় বৃদ্ধিৰ প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰতিবাদী কাৰ্যসূচীত নেতৃত্ব দিয়ে সৰভোগৰ প্ৰাক্তন বিধায়ক মনোৰঞ্জন তালুকদাৰে। কাৰ্যসূচীৰ সময়ত ভাষণ দি তেওঁ অভিযোগ কৰে যে ইন্ধনৰ মূল্যবৃদ্ধি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ উভয়ৰে কৰ নীতিৰ ফল।
ইন্ধনৰ মূল্যবৃদ্ধিয়ে কেৱল কৃষক, শ্ৰমিক, আৰু মধ্যবিত্ত শ্ৰেণীৰ ওপৰত বোজা দিয়াই নহয়, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যও বৃদ্ধি পাইছে বুলি প্ৰতিবাদকাৰী সকলে দাবী কৰে। পেট্ৰ’ল-ডিজেলৰ ওপৰত কৰ হ্ৰাস কৰাৰ দাবী উত্থাপন কৰি বৰ্ধিত মূল্য নিয়ন্ত্ৰণৰ বাবে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়।
প্ৰতিবাদৰ শেষত চি পি আই (এম)য়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যে এখন স্মাৰক পত্ৰ দাখিল কৰি বিষয়টোৰ ওপৰত হস্তক্ষেপৰ বাবে হেঁচা প্ৰয়োগ কৰে। তেওঁলোকৰ দাবীৰ প্ৰতি লক্ষ্য ৰাখিব নোৱাৰিলে আগন্তুক দিনত গণতান্ত্ৰিক আন্দোলন অধিক শক্তিশালী হ’ব বুলিও সকীয়াই দিয়ে দলটোৱে।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ