মানকাচৰত গছপুলি ৰোপণ আঁচনিত ৪০ লাখ টকা দুৰ্নীতিৰ অভিযোগ
মানকাচৰত গছপুলি ৰোপণ আঁচনিত ৪০ লাখ টকা দুৰ্নীতিৰ অভিযোগ।
মানকাচৰত গছপুলি ৰোপণ আঁচনিত ৪০ লাখ টকা দুৰ্নীতিৰ অভিযোগ


মানকাচৰ, ১৫ জুন (হি.স.): দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত বাঘাপাৰা গাঁও পঞ্চায়তৰ কালীপাহাৰত গছপুলি ৰোপণ আঁচনিত বৃহৎ দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে । হৰ্টিকালচাৰ প্লান্টেচন আঁচনিৰ কাম সম্পূৰ্ণ নকৰাকৈ ৪০ লাখ টকা দুৰ্নীতি কৰাৰ অভিযোগ উঠিছে । পূৰ্বৰ সভাপতি ছলেমান হাজৰিকা আৰু এতিয়াৰ সভানেত্ৰীৰ স্বামী ছফিয়ৰ ৰহমানৰ বিৰুদ্ধে এই দূৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে । দিন হাজিৰা কৰা শ্ৰমিকৰ টকা আত্মসাৎ কৰাৰ অভিযোগ উঠিছে সভাপতিদ্বয়ৰ বিৰুদ্ধে । ৬ জন শ্ৰমিকক ২ সপ্তাহ কাম কৰাই ৪০ লাখ টকাৰ দুৰ্নীতি সংঘটিত কৰাৰ কথা পোহৰলৈ আহে ।

উল্লেখ্য যে মানকাচৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত বাঘাপাৰা গাঁও পঞ্চায়তৰ কালীপাহাৰত এমজিএনৰেগা (MGNREGA) অধীনত ২০২২-২৩ বৰ্ষত এখন হৰ্টিকালচাৰ প্লান্টেচন আচনি ৰূপায়ন কৰা হৈছিল। এই আচঁনিৰ বাবদ প্ৰায় ৫০ লাখ টকা চৰকাৰে মঞ্জুৰ কৰিছিল, কিন্তু পৰিতাপৰ বিষয় এয়া যে কাম নকৰাকৈ পূৰ্বৰ আৰু বৰ্তমানৰ সভাপতি প্ৰায় ৪০ লাখ টকা উলিয়াই নিয়াৰ অভিযোগ উত্থাপন হৈছে।চৰকাৰী বিষয়া কৰ্মচাৰীৰ চকুত ধূলি দি এনে ধৰনৰ দুৰ্নীতি কেনেকৈ সম্ভব হ'ল সেয়াহে তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে । এনে ক্ষেত্ৰত স্থানীয় ৰাইজে আঁচনিখনৰ সমগ্ৰ অনিয়মৰ উচ্চ-স্তৰীয় তদন্ত বিচাৰি পুনৰ গছ পুলি ৰোপনৰ দাবী কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande