শ্বহীদ কুশল কোঁৱৰৰ ৮৩ সংখ্যক মৃত্যুবার্ষিকী উপলক্ষে আয়োজিত শ্বহীদ দিৱস'ৰ অনুষ্ঠানত অংশগ্রহণ মুখ্যমন্ত্রী ড°হিমন্ত বিশ্ব শৰ্মাৰ
–কুশল কোঁৱৰ আছিল দেশপ্রেম আৰু অপৰিসীম সাহসৰ এক জীৱন্ত প্রতীক, যিয়ে আজিও প্রতিটো প্রজন্মক অনুপ্রাণিত কৰি আহিছেঃ মুখ্যমন্ত্রী গুৱাহাটী, ১৫ জুন (হি.স.)। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি শ্বহীদ কুশল কোঁৱৰৰ ৮৩ সংখ্যক মৃত্যুবার্ষিকী উপলক্ষে গু
শ্বহীদ কুশল কোঁৱৰৰ ৮৩ সংখ্যক মৃত্যুবার্ষিকী উপলক্ষে আয়োজিত শ্বহীদ দিৱস'ৰ অনুষ্ঠানত অংশগ্রহণ মুখ্যমন্ত্রী ড°হিমন্ত বিশ্ব শৰ্মাৰ


–কুশল কোঁৱৰ আছিল দেশপ্রেম আৰু অপৰিসীম সাহসৰ এক জীৱন্ত প্রতীক, যিয়ে আজিও প্রতিটো প্রজন্মক অনুপ্রাণিত কৰি আহিছেঃ মুখ্যমন্ত্রী

গুৱাহাটী, ১৫ জুন (হি.স.)। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি শ্বহীদ কুশল কোঁৱৰৰ ৮৩ সংখ্যক মৃত্যুবার্ষিকী উপলক্ষে গুৱাহাটীৰ ৰূপনগৰস্থিত স্বতন্ত্র সেনানী ভবনত আয়োজিত 'শ্বহীদ দিৱস'ৰ এক গাম্ভীর্যপূর্ণঅনুষ্ঠানত অংশগ্রহণকৰে। অসম ৰাজ্যিক মুক্তিযুঁজাৰু সন্মিলনৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত মুখ্যমন্ত্রীয়ে দেশপ্রেম, ত্যাগ আৰু আত্মবলিদানৰ অনন্য প্রতীক শ্বহীদ কুশল কৌৱৰৰ প্রতি গভীৰ শ্ৰদ্ধাঞ্জলি অর্পণ কৰাৰ লগতে ভাৰতৰ স্বাধীনতা সংগ্রামত অতুলনীয় অবদান আগবঢ়োৱা অসমৰ প্ৰতিগৰাকী অমৰ শ্বহীদ আৰু মুক্তিযুঁজাৰুৰপ্রতিও শ্রদ্ধা নিৱেদন কৰে।

অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে ১৯৪২ চনৰ ঐতিহাসিক 'ভাৰত ত্যাগ আন্দোলন'ত অংশগ্রহণ কৰি ফাঁচীকাঠত ওলমিবলগীয়া হোৱা সমগ্র দেশৰ ভিতৰতে অন্যতম আৰু আমাৰ ৰাজ্যৰ একমাত্র বীৰ সংগ্ৰামীগৰাকীয়েইআছিল কুশল কোঁৱৰ। তেওঁৰ আপোচবিহীন স্থিতি, সত্যনিষ্ঠা আৰু দেশৰ বাবে হাঁহিমুখে কৰা আত্মবলিদানে স্বাধীনতা আন্দোলনক এক নতুন গতি প্রদান কৰিছিল।কুশল কোঁৱৰ কেৱল এগৰাকী ব্যক্তিয়েইনাছিল, বৰঞ্চ তেওঁ আছিল দেশপ্রেম আৰু অপৰিসীমসাহসৰ এক জীবন্ত প্রতীক, যিয়ে আজিও প্রতিটো প্রজন্মক অনুপ্রাণিত কৰি আহিছে।

শ্বহীদগৰাকীৰজীবন পৰিক্ৰমাৰ ওপৰত আলোকপাত কৰিমুখ্যমন্ত্ৰীয়ে কয় যে ১৯০৫ চনত জন্মগ্রহণ কৰা আহোম ৰাজবংশৰ টুঙ্গখুষ্টীয়া ফৈদৰ বংশধৰ কুশল কোঁৱৰে মাথোঁ ১৭ বছৰ বয়সতে ১৯২১ চনৰ অসহযোগ আন্দোলনত সক্রিয়ভাবে জপিয়াই পৰিছিল। তেওঁ পৰিয়ালৰ প্ৰতি থকা দায়িত্ব নিষ্ঠাৰে পালন কৰাৰ লগতে অঞ্চলটোত শিক্ষাৰ পোহৰবিয়পাবলৈ 'ৰেংমাই প্রাথমিক বিদ্যালয়'স্থাপন কৰি অবৈতনিকভাবে প্রধান শিক্ষকৰ দায়িত্ব লৈছিল।

পৰৱৰ্তী সময়ত বালিজান চাহ বাগিচাত বাগিচা পৰিদর্শকহিচাপে কর্মজীবন আৰম্ভ কৰিলেও, মহাত্মা গান্ধীৰ আহ্বানত স্বাধীনতা সংগ্রামত নিজকে উৎসর্গা কৰাৰ মানসেৰে তেওঁ স্বেচ্ছাই সেই চাকৰি ইস্তফা দিয়ে। ড°শর্মাই কয় যেকুশল কোঁৱৰ আছিল মহাত্মা গান্ধীৰ একান্ত অনুৰাগী আৰু অহিংসা নীতিৰ পৰম পূজাৰী। তেওঁ কঠোৰভাৱে নিৰামিষভোজী হোৱাৰ লগতে স্বদেশী বস্তু গ্রহণৰ সংকল্প লৈ নিমখ পর্যন্ত বর্জন কৰিছিল। সৰুপথাৰ কংগ্ৰেছ কমিটীৰ সভাপতিতথা সম্পাদক হিচাপে নেতৃত্ব দিতেওঁ 'কানি বৰবিহ বর্জন' আৰু 'অস্পৃশ্যতা দূৰীকৰণ'ৰ দৰে সমাজ সংস্কাৰমূলক কামত ব্রতী হৈছিল।

১৯৪২ চনৰ বিয়াল্লিশৰ গণ আন্দোলনৰ প্ৰসংগ উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে সেই সময়ত ব্ৰিটিছৰ দমন নীতিৰ বিরুদ্ধে দেশবাসী জঁপিয়াই পৰিছিল। সেই আন্দোলনৰ সময়ত একাংশ উত্তেজিত জনতাইঅহিংস নীতিৰ পৰা আঁতৰি ১৯৪২ চনৰ ১০ অক্টোবৰত সৰুপথাৰৰ ওচৰৰ চাংপুলত বে'লপথৰচিৰি আঁতৰাই দিয়ে,যাৰ ফলত এখন সামৰিক বে'ল দুর্ঘটনাত পতিত হয় আৰুকেইবা শ ব্রিটিছ সৈনিকৰ মৃত্যু হয়। কুশল

কোঁৱৰ এই হিংসাত্মক কাৰ্যৰ সম্পূর্ণ বিৰোধী আছিল আৰু ইয়াৰসৈতে তেওঁৰ কোনো সম্পর্ক নাছিল।

তথাপি ব্রিটিছ আৰক্ষীয়ে তেওঁক এই ষড়যন্ত্রৰ মূল নায়ক সজাই মিছাকৈ গ্রেপ্তাৰ কৰেআৰু কোনোনির্ভৰযোগ্য প্রমাণ নোহোৱাকৈয়ে কেৱল ৰাজনৈতিক প্রতিশোধমূলকভাৱে ১৯৪৩ চনৰ ৬ মাৰ্চত মৃত্যুদণ্ডৰ ৰায় বিহে। স্থিতপ্রজ্ঞ কুশল কোঁৱৰৰমহানতাৰ কথা সোঁৱৰাই ড° শর্মাই কয় যে ফাঁচীৰ অন্যায় ৰায় শুনিও তেওঁ অলপো বিচলিত হোৱা নাছিল। কাৰাগাৰৰ অন্তিম দিনকেইটা তেওঁ কেৱল ভগৱানৰ প্রার্থনা আৰু গীতা পাঠ কৰি অতিবাহিত কৰিছিল। আনকি জেইলত শেষবাৰৰ বাবে সাক্ষাৎ কৰিবলৈ অহা পত্নী প্রভাৱতীক তেওঁ কৈছিল, মই মৰিম, দেশ থাকিব। দেশ স্বাধীন হ'ব। অৱশেষত, ১৯৪৩ চনৰ ১৫ জুনৰ পুৱা ঠিক ৪.৩০ বজাত যোৰহাট কেন্দ্রীয় কাৰাগাৰত এইগৰাকী মহান দেশপ্রেমিকক ফাঁচীকাঠত ওলমোৱা হয়। মহাত্মা গান্ধীৰ ভাষাত কুশল কোঁৱৰ আছিল এজন প্রকৃত সত্যাগ্রহী।

ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে কুশল কোঁৱৰৰ লগতে কমলামিৰি, বেজা বাউৰী আৰু সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামীদেৱৰ দৰে মহান স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগেৰে সিক্ত যোৰহাট কেন্দ্রদ্ৰীয় কাৰাগাৰৰ কাষৰ প্ৰায় ১৭৫ বিঘা মাটিত ৰাজ্য চৰকাৰে ১৫৯ কোটি টকাব্যয় সাপেক্ষে এখন 'স্বৰাজ উদ্যান'নিৰ্মাণ কৰি যোৱা ১১ মাৰ্চত ৰাইজৰ সেৱাত উৎসর্গাকৰিছে। যোৰহাট কাৰাগাৰৰ

ঐতিহ্য সুৰক্ষিত কৰিবলৈ ইয়াত শ্বহীদ কুশল কোঁৱৰৰ চেল,শ্রীশ্ৰী পীতাম্বৰ দেৱ গোস্বামীৰ চেল,ফাঁচীকাঠ

আৰু পুৰণি কেন্দ্ৰীয় কাৰাগাৰৰ দেৱালসমূহ সংৰক্ষণ কৰা হৈছে।

মুক্তিযুঁজাৰুসকলৰ জীবনৰ পৰা দেশপ্রেম, সততা আৰু কর্তব্যবোধৰমূল্যবোধ আহৰণ কৰিবলৈ নৱপ্রজন্মলৈ আহ্বান জনাই মুখ্যমন্ত্রীয়ে কয় যে নতুন প্রজন্মই জ্ঞান, দক্ষতাআৰু শ্রমেৰে 'বিকশিত ভাৰত'আৰু 'বিকশিত অসম' গঢ়াৰ মহান যজ্ঞত সক্রিয় অংশগ্রহণ কৰিব লাগিব আৰু এয়াই হ'ব শ্বহীদসকলৰ প্রতিআমাৰ প্রকৃত শ্রদ্ধাঞ্জলি। অসমৰমুক্তিযুঁজাৰুসকল আৰু তেওঁলোকৰ উত্তৰাধিকাৰী পৰিয়ালসমূহৰ কল্যাণ, মর্যাদা আৰু ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰত অসম চৰকাৰ সদায় দায়বদ্ধ বুলি দোহাৰি মুখ্যমন্ত্রীয়ে কয় যে স্বাধীনতা সংগ্রামীসকলৰ স্মৃতি ভবিষ্যৎ প্রজন্মৰ মাজত জীয়াই ৰখাটো চৰকাৰৰ নৈতিক দায়িত্ব আৰু এই প্রচেষ্টা আগন্তুক দিনতো অধিক শক্তিশালীভাবে অব্যাহত থাকিব।

আজিৰ অনুষ্ঠানত মধ্য গুৱাহাটী সমষ্টিৰ বিধায়ক বিজয় কুমাৰ গুপ্তা, অসম ৰাজ্যিক মুক্তিযুঁজাৰু সম্মিলনৰ সভাপতি পুণেশ্বৰ দুৱৰা, কার্যকৰী সভাপতি ভোলানাথ নগৰীয়া আৰু সাধাৰণ সম্পাদক দ্বিজেন্দ্র মোহন শর্মা, শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক ড° প্রবীণ শর্মা, স্বতন্ত্রতা সেনানী উত্তৰাধিকাৰী পৰিষদৰ ৰাষ্ট্ৰীয় মহাসচিব জিতেন্দ্র বঘুবংশী,অসম সাহিত্য সভাৰ প্রধান সম্পাদক দেবজিত বৰা, অসম জ্যেষ্ঠ নাগৰিক সম্মিলনৰ সভাপতি বাণেশ্বৰ খাউণ্ড, সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক মাধৱ চন্দ্ৰ তালুকদাৰৰ লগতে মুক্তিযুঁজাৰুসকলৰ পৰিয়ালবৰ্গ আৰু শ্বহীদ পৰিয়ালৰ প্রতিনিধিসকল তথা অন্যান্য বহুসংখ্যক গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande