মঙলদৈ চহৰৰ মাজ মজিয়াত দিন দুপৰতে লুটি নিলে ৩ লাখকৈ টকা
দৰং, ১৫ জুন (হি.স.)। মঙলদৈ চহৰৰ মাজ মজিয়াত দিন দুপৰতে লুটি নিলে ৩ লাখকৈ টকা। মঙলদৈ চহৰৰ বেগা মুখৰ ৰাজীৱ ভৱনৰ সন্মুখত উক্ত ঘটনাটো সংঘটিত হয়। মাত্ৰ ৬ মিনিটতে বলেৰ'' বাহনৰ আইনা ভাঙি ৩ লাখ টকা লৈ উধাও হ''ল দুস্কৃতিকাৰীৰ দল। ঘটনা অনুসৰি মঙলদৈ বৰ
মঙলদৈ চহৰৰ মাজ মজিয়াত দিন দুপৰতে লুটি নিলে ৩ লাখকৈ টকা


দৰং, ১৫ জুন (হি.স.)।

মঙলদৈ চহৰৰ মাজ মজিয়াত দিন দুপৰতে লুটি নিলে ৩ লাখকৈ টকা।

মঙলদৈ চহৰৰ বেগা মুখৰ ৰাজীৱ ভৱনৰ সন্মুখত উক্ত ঘটনাটো সংঘটিত হয়।

মাত্ৰ ৬ মিনিটতে বলেৰ' বাহনৰ আইনা ভাঙি ৩ লাখ টকা লৈ উধাও হ'ল দুস্কৃতিকাৰীৰ দল।

ঘটনা অনুসৰি মঙলদৈ বৰুৱা পাৰাৰ বিজু ভূঞাই অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া পিতৃৰ লগত ভায়েকৰ বাবে বাইক কিনিব গৈছিল বাজাজ ডিলাৰ লৈ।

নিজৰ বলেৰ' বাহনত বেংকৰ পৰা উলিওৱা ৩ লাখ টকা থৈ ডিলাৰত সোমোৱাৰ লগে লগে বলেৰ' বাহন খনৰ পৰা আইনা ভাঙি টকা খিনি লৈ উধাও হ'ল দুই যুৱক।

ঘটনাস্থলীত মঙলদৈ আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে কোনো সংসুত্ৰ উলিয়াব পৰা নাই আৰক্ষীয়ে।

মঙ্গলদৈ চহৰত সঘনাই সংঘটিত হৈ আহিছে এটাৰ পিছত আনটো দুষ্কাৰ্য, আৰক্ষীয়ে এই ক্ষেত্ৰত নিৰব ভুমিকা পালন কৰা পৰিলক্ষিত হৈছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande