
শ্ৰীভূমি, ১৫ জুন (হি.স.)।
শ্ৰীভূমিত আটক বাংলাদেশি নাগৰিক।
শ্ৰীভূমি জিলাৰ লাতু বজাৰত আটক এজন বাংলাদেশী ব্ৰাজিল দলৰ ফুটবল সমৰ্থক।ব্ৰাজিল দলৰ জাৰ্চি পিন্ধি লাতু বজাৰ অঞ্চলত ঘুৰি থকাৰ সময়ত স্থানীয় ৰাইজে আটক কৰি আৰক্ষীক চমজাই দিয়ে।
জানিব পৰা অনুসৰি লাতু বজাৰ অঞ্চলত এগৰাকী অপৰিচিত লোকে ব্ৰাজিল দলৰ জাৰ্চি পিন্ধি ঘুৰি ফুৰি আছিল।
সন্দেহবসত স্থানীয় ৰাইজে লোকজনক সোধপোছ কৰাৰ অন্তত লোকজনে নিজকে বাংলাদেশী নাগৰিক বুলি স্বীকাৰ কৰে। ৰাইজে আটক কৰা বাংলাদেশী জনৰ নাম জমিৰ সৰকাৰ। ঘৰ ছিলেট জিলাৰ বিয়ানীবজাৰৰ বড়লেখা অঞ্চলত। লোকজনৰ পৰা বাংলাদেশী ছিগাৰেট, দেশলাই আৰু বাংলাদেশী টকা উদ্ধাৰ হৈছে।
পিছে লাতু পিআইছিপি (PICP)- ৰ ছেকেণ্ড লাইন অব ডিফেন্স ৰ হাতত চমজাই দিয়ে স্থানীয় ৰাইজে।
সীমান্তত বি এছ এফ তৎপৰ থকাৰ পাছতো বাংলাদেশীয়ে কেনেকৈ অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিব পাৰে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। বি এছ এফৰ ভূমিকাক লৈ সন্দেহ প্ৰকাশ কৰিছে ৰাইজে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা