আলহী ঘৰলৈ গৈ বিপদত পৰিল কলগাছিয়াৰ ৰামপুৰৰ যুৱক
বৰপেটা, ১৫ জুন (হি.স.)। আলহী ঘৰলৈ গৈ বিপদত পৰিল কলগাছিয়াৰ ৰামপুৰৰ যুৱক শ্বাহজাহান আলী । বৰপেটা জিলাৰ মন্দিয়া আৰক্ষী চকীৰ অন্তৰ্গত লুৰফুৰিয়া গাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ বাইক চুৰিৰ ঘটনা । জানিব পৰা মতে, কলগাছিয়াৰ ৰামপুৰৰ নিবাসী শ্বাহজাহান আলীয়ে আ
আলহী ঘৰলৈ গৈ বিপদত পৰিল কলগাছিয়াৰ ৰামপুৰৰ যুৱক


বৰপেটা, ১৫ জুন (হি.স.)। আলহী ঘৰলৈ গৈ বিপদত পৰিল কলগাছিয়াৰ ৰামপুৰৰ যুৱক শ্বাহজাহান আলী । বৰপেটা জিলাৰ মন্দিয়া আৰক্ষী চকীৰ অন্তৰ্গত লুৰফুৰিয়া গাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ বাইক চুৰিৰ ঘটনা । জানিব পৰা মতে, কলগাছিয়াৰ ৰামপুৰৰ নিবাসী শ্বাহজাহান আলীয়ে আলহী ঘৰলৈ যোৱাৰ উদ্দেশ্যে নিজৰ এ এছ ১৯ ইউ ৫৩৮৬ নম্বৰৰ পালছাৰ ১২৫ মটৰচাইকেলখন পথৰ কাষত ৰখাই থৈছিল। কিন্তু আলহী ঘৰত যোৱাৰ কিছু সময়ৰ পিছতে বাহিৰলৈ ওলাই আহি তেওঁ দেখিবলৈ পায় যে মটৰচাইকেলখন উধাও হৈ গৈছে ।

অভিযোগ অনুসৰি, সুযোগ বুজি অজ্ঞাত চোৰে চকুৰ পলকতে বাইকখন চুৰি কৰি লৈ যায়। দিন-দুপৰতে জনবসতিপূৰ্ণ এলেকাত এনে দুঃসাহসিক চুৰি কাণ্ড সংঘটিত হোৱাত অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনাটোক লৈ স্থানীয় ৰাইজৰ মাজত উদ্বেগ বৃদ্ধি পাইছে আৰু আইন-শৃংখলা পৰিস্থিতিক লৈও বিভিন্ন প্ৰশ্ন উত্থাপিত হৈছে। ইতিমধ্যে ভুক্তভোগী যুৱক শ্বাহজাহান আলীয়ে মন্দিয়া আৰক্ষী চকীত এখন লিখিত এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ লগতে চোৰ আৰু চুৰি হোৱা মটৰচাইকেলখনৰ সন্ধানত তৎপৰতা চলাই আছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande