
বৰপেটা, ১৫ জুন (হি.স.)। বৰপেটাৰোড ৰেলৱে ষ্টেচনৰ সমীপত সংঘটিত হৈছে এক শোকাৱহ ঘটনা।
কালি নিশা ৰেল পথ পাৰ হ’বলৈ ধৰোঁতেই ৰেলৰ খুন্দাত এগৰাকী ৭০ বছৰীয়া বৃদ্ধৰ কৰুণ মৃত্যু ঘটে। মৃত বৃদ্ধগৰাকী বৰপেটাৰোডৰ ১ নং বেলতলাৰ বাসিন্দা জীৱন চন্দ্ৰ ধৰ বুলি চিনাক্ত কৰা হৈছে।
প্ৰাপ্ত তথ্য মতে, জীৱন চন্দ্ৰ ধৰে দৈনিক বজাৰ কৰাৰ উদ্দেশ্যে ৰেল পথটো পাৰ হ’বলৈ চেষ্টা কৰিছিল। ঠিক সেই সময়তে তীব্ৰ বেগেৰে অহা নামনিমুৱা কামৰূপ এক্সপ্ৰেছ ৰেলখনে তেওঁক প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে। ৰেলখনৰ খুন্দাত বৃদ্ধগৰাকী থিতাতে নিহত হয়।
ঘটনাৰ খবৰ পোৱাৰ পিছতেই বৰপেটাৰোড ৰেলৱে আৰক্ষীৰ (GRP) এটা দল ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহটো উদ্ধাৰ কৰে। বৰপেটাৰোড ৰেল আৰক্ষীয়ে ইতিমধ্যে মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাই বৰপেটা মেডিকেল কলেজ আৰু হাস্পতালৰ মৰ্গত সংৰক্ষণ কৰি ৰাখিছে। এই আকস্মিক ঘটনাই সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পেলাইছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু