ধুবুৰীত উত্তপ্ত পৰিস্থিতি, দুজন যুৱকক ভয় ভাবুকিৰে কলা যাদু কৰাৰ অভিযোগ পৰিয়ালৰ লোকৰ
ধুবুৰী, ১৫ জুন (হি.স.)। নিশা ধুবুৰীত উত্তপ্ত পৰিস্থিতি। দুজন যুৱকক ভয় ভাবুকিৰে তন্ত-মন্ত্ৰ আৰু কলা যাদু কৰাৰ অভিযোগ পৰিয়ালৰ লোকৰ। যুৱক দুজন ক্ৰমে ৰাজীৱ চাহানী আৰু ৰোহান মালী বুলি জানিব পৰা গৈছে। স্থানীয় ৰাইজে তান্ত্ৰিকজনক উত্তম-মাধ্যম দি গতাই দ
ধুবুৰীত উত্তপ্ত পৰিস্থিতি, দুজন যুৱকক ভয় ভাবুকিৰে কলা যাদু কৰাৰ অভিযোগ পৰিয়ালৰ লোকৰ


ধুবুৰী, ১৫ জুন (হি.স.)। নিশা ধুবুৰীত উত্তপ্ত পৰিস্থিতি। দুজন যুৱকক ভয় ভাবুকিৰে তন্ত-মন্ত্ৰ আৰু কলা যাদু কৰাৰ অভিযোগ পৰিয়ালৰ লোকৰ।

যুৱক দুজন ক্ৰমে ৰাজীৱ চাহানী আৰু ৰোহান মালী বুলি জানিব পৰা গৈছে। স্থানীয় ৰাইজে তান্ত্ৰিকজনক উত্তম-মাধ্যম দি গতাই দিয়ে আৰক্ষীক।

তান্ত্ৰিকজন গোলোকগঞ্জৰ হৰিৰহাট অঞ্চলৰ ৰবীন্দ্ৰ ৰায় বুলি জানিব পৰা গৈছে।

ধুবুৰী চহৰৰ জোড়া মন্দিৰ অঞ্চলৰ উত্তম কুণ্ড নামৰ এজন লোকৰ ঘৰত তন্ত-মন্ত্ৰ আৰু কলা যাদু কৰাৰ অভিযোগ। যুৱক দুজনৰ পৰিয়ালৰ লোকে নিশা জোড়া মন্দিৰ অঞ্চলৰ উত্তম কুণ্ড নামৰ লোকজনৰ ঘৰত উপস্হিত হৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি জবাব দিহি কৰে।

উক্ত ঘটনাক কেন্দ্ৰ কৰি আৰক্ষীয়ে উত্তম কুণ্ড আৰু তান্ত্ৰিক ৰবীন্দ্ৰ ৰায়ক আটক কৰি ধুবুৰী সদৰ আৰক্ষী থানাত লৈ গৈ তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande