শিৱসাগৰত বি জে পিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
শিৱসাগৰ, ১৫ জুন (হি.স.)। শিৱসাগৰত বি জে পিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া। শিৱসাগৰ আৰু চৰাইদেউ জিলা বি জে পিৰ এখন বিশেষ সাংগঠনিক সভাত অংশগ্ৰহণ কৰি সংবাদমেল সম্বোধন কৰে প্ৰদেশ বি জে পিৰ সভাপতি গৰাকীয়ে। শিৱসাগৰ নগৰৰ কে পি এম মেমৰিয়েল হলত সংবাদমেল স
শিৱসাগৰত বি জে পিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া


শিৱসাগৰ, ১৫ জুন (হি.স.)। শিৱসাগৰত বি জে পিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া। শিৱসাগৰ আৰু চৰাইদেউ জিলা বি জে পিৰ এখন বিশেষ সাংগঠনিক সভাত অংশগ্ৰহণ কৰি সংবাদমেল সম্বোধন কৰে প্ৰদেশ বি জে পিৰ সভাপতি গৰাকীয়ে। শিৱসাগৰ নগৰৰ কে পি এম মেমৰিয়েল হলত সংবাদমেল সম্বোধন ৰাজ্যিক সভাপতি গৰাকীৰ।

নিৰ্বাচনী ফলাফলৰ পাছতেই বি জে পি দলে আগন্তুক সময়ৰ বাবে এলানি কাৰ্য্যসূচী প্ৰস্তুত কৰিছে। ৰাইজে নিৰ্বাচনত বি জে পি দলৰ সপক্ষে যি জনাদেশ দিলে সেইয়া অভূতপূৰ্ব ।

ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যিকৰ পৰা বুথ পৰ্য্যায়লৈকে সকলো কাৰ্য্যকৰ্তাৰ সৈতে মত বিনিময় কৰা হয়। এই কাৰ্য্যসূচী উজনিৰ পৰা আৰম্ভ কৰা হৈছে।

উজনিৰ তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ পাছত আজি শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ কাৰ্য্যকৰ্তা সকলৰ সৈতে বৈঠকত মিলিত হয় ৰাজ্যিক সভাপতিগৰাকী।

সৰ্বস্তৰৰ ৰাইজৰ সৈতে কাৰ্য্যকৰ্তাসকল যুক্ত হোৱাৰ বাবে এই বৈঠকৰ আয়োজন কৰা হয়। দিনটোৰ চৌবিচ্ছ ঘণ্টাই প্ৰতিজন কাৰ্য্যকৰ্তা ৰাইজৰ সৈতে যুক্ত হৈ সক্ৰিয় হব লাগিব । ইয়াৰ বাবে প্ৰতিটো মণ্ডলত দুদিনীয়া আৰু জিলা পৰ্য্যায়ত তিনিদিনীয়া প্ৰশিক্ষণৰ আয়োজন কৰা হব।

দলৰ তৃণমূল কৰ্মীসকলক জৈৱিক খেতি আৰু প্ৰকৃতি সম্বন্ধে প্ৰশিক্ষণ প্ৰদান কৰা হব। সমাগত ১০ জুলাই তাৰিখৰ পৰা প্ৰধানমন্ত্ৰী গৰাকীৰ ১২ বছৰীয়া সফল কাৰ্যকালৰ বাবে প্ৰতিটো ধৰ্মীয়স্থলী উপাসনাগৃহত প্ৰাৰ্থনা কৰা হব।

আনহাতে ৰাজ্যখনত বি জে পিৰ কাৰ্য্যকৰ্তাসকলে লক্ষাধিক গছপুলি ৰোপণ কৰিব। ইয়াৰ পাছত ৰাজ্যৰ বিভিন্ন স্থানত থকা বিশিষ্ট ব্যক্তিসকলৰ সৈতে বি জে পিৰ কাৰ্য্যকৰ্তাসকলে মত বিনিময় কৰিব । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সফল কাৰ্যকালৰ সৈতে সংগতি ৰাখি বিকাশ যাত্ৰাৰ জৰিয়তে প্ৰতিটো মণ্ডলতে যোগ দিৱস পালন কৰা হব ।

বিকাশ ভী বিৰাচত ভী শ্লোগানেৰে বি জে পিৰ কাৰ্য্যকৰ্তাসকল ৰাইজৰ কাষ চাপিব। চৰকাৰী আচনিসমূহ ৰাইজৰ মাজলৈ লৈ যোৱা আৰু চৰকাৰৰ দ্বাৰা হৈ থকা কামকাজবোৰ দলীয় কাৰ্য্যকৰ্তা সকলে সূক্ষ্মভাবে লক্ষ্য ৰাখিব।

ইয়াৰ জৰিয়তে আহিবলগীয়া সময়খিনিত দলীয় কাৰ্য্যকৰ্তাসকল তথা দলৰ নীতিক ৰাইজৰ মাজলৈ লৈ যোৱাটোৱেই এই বৈঠকসমূহৰ মূল উদ্দেশ্য।আনহাতে ৰাজ্যিক সভাপতিগৰাকীয়ে দেশৰ স্বাধীনতা সংগ্ৰামৰ প্ৰথম শ্বহীদ হিচাপে পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাক উপেক্ষা কৰা হল বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত ৰাজ্যিক সভাপতি গৰাকীয়ে পূৰ্বৰ চৰকাৰৰ অধ্যয়নৰ অভাৱৰ বাবেই এনে হল বুলি মন্তব্য কৰাৰ লগতে পাথৰুঘাটৰ কৃষক বিদ্ৰোহ উপেক্ষিত হৈ ৰোৱা উল্লেখ কৰাৰ লগতে বিষয়টো সংসদত বলিষ্ঠ ভাবে উত্থাপন কৰিব বুলি ৰাজ্যিক সভাপতি গৰাকীয়ে আশ্বাস প্ৰদান কৰে।

লগতে অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহ উত্তৰণৰ ক্ষেত্ৰত গুণোৎসৱে বিশেষ ভূমিকা গ্ৰহণ কৰি অহাৰ লগতে অসমত জাতীয় বিদ্যালয়সমূহে এই ক্ষেত্ৰত সহযোগ আগবঢ়াই আহিছে বুলিও মন্তব্য কৰে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande