
গুৱাহাটী, ১৫ জুন (হি.স.)। দুলুং সংৰক্ষিত বনাঞ্চলত প্ৰথমবাৰৰ বাবে দেখা গ’ল ঘোং। স্থানীয়ভাৱে ঘোং নামেৰে জনাজাত ব্লেক পেন্থাৰ বন্যপ্ৰাণীৰ এক অতি বিৰল প্ৰজাতি। ইয়াৰ সংখ্যা অতি কম। অসমৰ কিছুমান বনাঞ্চলত ঘোং দেখা যায়। এনে পৰিপ্ৰেক্ষিতত লখিমপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত দুলুং সংৰক্ষিত বনাঞ্চলত প্ৰথমবাৰৰ বাবে দেখা গৈছে এই ঘোং। অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই তথ্য ছ’চিয়েল মিডিয়াত এটা পোষ্টত শ্বেয়াৰ কৰিছে৷
আজি ঘোঙৰ এখন ফটো আৰু এটা পোষ্ট শ্বেয়াৰ কৰি ড০ শৰ্মাই কয় যে, জৈৱ-বৈচিত্ৰ্যৰ ক্ষেত্ৰত এক অতি ভাল লগা খবৰ আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ৷ লখিমপুৰ সমষ্টিৰ দুলুং সংৰক্ষিত বনাঞ্চলত প্ৰথমবাৰৰ বাবে কেমেৰা লেন্সত ধৰা পৰিছে ঘোং (ব্লেক পেন্থাৰ) বিচৰণৰ ছবি৷
তেওঁ উল্লেখ কৰে যে লখিমপুৰ বন সংমণ্ডলৰ অধীনত এটি গৱেষক দলৰ দ্বাৰা এই অঞ্চলটোত এক নিয়মীয়া কেমেৰা ট্ৰেপ কাৰ্যসূচী চলোৱা হৈছিল৷ আৰু তেওঁলোকৰ এই প্ৰচেষ্টাতেই কেমেৰা ট্ৰেপত ধৰা পৰে ঘোংটি।
বিৰল আৰু বিপন্ন প্ৰজাতিৰ এই পশুটো দুলুং বনাঞ্চলত দেখা পোৱা ঘটনাই প্ৰমাণ কৰে যে পূব হিমালয়ৰ পাদদেশত থকা সৰু সৰু সংৰক্ষিত বনাঞ্চলসমূহো ডাঙৰ মাংসভোজী বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। স্বাভাৱিকতে এই খবৰে বন্য জীৱ-জন্তুৰ বাবে আমাৰ পৰিৱেশ অনুকূলতাৰ ছবিক প্ৰকাশি তুলিছে৷
অসমৰ বন্যপ্ৰাণীৰ বাবে এয়া এক বিৰল আৰু উল্লেখযোগ্য দৃশ্য।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ