
কামৰূপ, ১৫ জুন (হি.স.)। ৰঙিয়াত সদৌ অসম ভিত্তিত একাংকিকা নাট প্ৰতিযোগিতা। শিৱ শংকৰ নাট্য গোষ্ঠী ৰঙিয়াৰ উদ্যোগত কনক কলিতা সোঁৱৰণী তৃতীয় বাৰ্ষিকী একাংকিকা নাট প্ৰতিযোগিতা। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহু কেইটা নাট্যদলৰ অংশগ্ৰহন দুদিনীয়াকৈ আয়োজন কৰা এই প্ৰতিযোগিতাত বিচাৰকৰ আসনত ভ্ৰাম্যমাণ জগতৰ বাদশ্বাহ খ্যাত চম্পক শৰ্মা আৰু বিশিষ্ট নাট্যকাৰ হিমাংশু প্ৰসাদ দাস ।
ঐতিহ্যমণ্ডিত ৰঙিয়াৰ হৰদত্ত বীৰদত্ত ভৱনত অনুষ্ঠিত হৈছে এই প্ৰতিযোগিতা। ৰং ৰূপে ভৰপূৰ ৰঙিয়াৰ এই নাট্যচৰ্চা প্ৰজন্মৰ পৰা প্ৰজন্মলৈ চলি আহিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা